শ্ৰীভূমি জিলাৰ কালীগঞ্জত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী নাওঁ দৌৰ প্ৰতিযোগিতা
শ্ৰীভূমি, ০১ জুন (হি.স.)। হেৰাই যাবলৈ ধৰা লোক সংস্কৃতিক জীয়াই ৰাখাৰ লগতে গ্ৰাম্য জনজীৱনত আনন্দৰ ৰং সানিবলৈ শ্ৰীভূমি জিলাৰ কালীগঞ্জত অনুষ্ঠিত হ''ল এক ব্যতিক্ৰমী নাওঁ দৌৰ প্ৰতিযোগিতা। প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে
শ্ৰীভূমি জিলাৰ কালীগঞ্জত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী নাওঁ দৌৰ প্ৰতিযোগিতা


শ্ৰীভূমি, ০১ জুন (হি.স.)। হেৰাই যাবলৈ ধৰা লোক সংস্কৃতিক জীয়াই ৰাখাৰ লগতে গ্ৰাম্য জনজীৱনত আনন্দৰ ৰং সানিবলৈ শ্ৰীভূমি জিলাৰ কালীগঞ্জত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী নাওঁ দৌৰ প্ৰতিযোগিতা। প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে আৱৰি ধৰে সমগ্ৰ অঞ্চল।

ঢোলৰ তালে তালে আগবাঢ়ি গৈছে নাওঁ... চৌদিশে হাতচাপৰি আৰু উল্লাসৰ ধ্বনি। বৈঠাৰ কোবত পানীৰ বুকু ফালি আগবাঢ়ি যোৱাৰ প্ৰাণপণ সংগ্ৰাম। এনে এক চিৰপৰিচিত গ্ৰাম্য পৰিৱেশত মুখৰিত হৈ উঠিছিল কালীগঞ্জৰ তেলিটিলা(ছয়কুট) গাঁৱৰ বিশাল জলাশয়ত।

প্ৰথমবাৰৰ বাবে আয়োজিত এই ঐতিহ্যবাহী নাওঁ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মুঠ ছয়টা দলে। কালীগঞ্জ বজাৰ ইয়ংষ্টাৰ ক্লাব, বলেশ্বৰ নাওঁ, ৰাণীৰ পাৰ, খলিফাটিলা, এংলা বজাৰ আৰু দত্তপুৰ নাওঁৰ মাজত চলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছিল উত্তেজনাৰ পাৰদ।

এই ব্যতিক্ৰমী আয়োজন উপভোগ কৰিবলৈ দুপৰীয়াৰ পৰাই জলাশয়ৰ দুয়োপাৰে ভিৰ জমায় হাজাৰ হাজাৰ লোক। আয়োজকসকলৰ দাবী অনুসৰি, প্ৰায় ১০ হাজাৰতকৈ অধিক দৰ্শকে উপস্থিত থাকি প্ৰতিযোগিতা উপভোগ কৰে। বিপুল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাৰ দায়িত্বত নিয়োজিত আছিল কালীগঞ্জ আৰক্ষী চকীৰ এক বৃহৎ দল।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ফাইনেলত সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাই চেম্পিয়ন হয় ‘খলিফাটিলা নাওঁ’। বিজয়ী দলটোক প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় এটা হৃষ্টপুষ্ট বগা পাঁঠা। আনহাতে দ্বিতীয় স্থান লাভ কৰে ‘বলেশ্বৰ নাওঁ’। তেওঁলোকক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় দুটা কুকুৰা।

উপস্থিত অতিথি আৰু স্থানীয় লোকসকলৰ মতে, এই আয়োজন কেৱল এটা প্ৰতিযোগিতা নহয়, বৰং হেৰাই যাবলৈ ধৰা গ্ৰাম্য সংস্কৃতি আৰু ঐতিহ্য নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। ভৱিষ্যততো এনে আয়োজন নিয়মীয়াকৈ অব্যাহত ৰখাৰ দাবী জনায় স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande