
লখিমপুৰ, ০১ জুন (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য বঢ়াৰ পো মাধৱদেৱৰ আজি ৫৩৮ সংখ্যক জন্মতিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰৰ লেতেকুপুখুৰীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জন্মোৎসৱ। পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন নাম কীৰ্তনৰ পিছতে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্য্যসূচী।
উল্লেখ্য যে দুপৰীয়া মাধৱদেৱৰ দুয়োখন জন্মস্থানৰ যৌথ মঞ্চ মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত বিধায়ক ভূপেন কুমাৰ বৰাৰ উপস্থিতিত অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ