
নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সোমবাৰে নগেন্দ্ৰ নাথ ত্ৰিপাঠীক দলটোৰ ৰাষ্ট্ৰীয় সংগঠক (জ্যেষ্ঠ কৰ্মী যোগাযোগ) হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ’ব। সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিঙে। তেওঁ উল্লেখ কৰে যে নগেন্দ্ৰ নাথ ত্ৰিপাঠীক দলৰ নতুন ৰাষ্ট্ৰীয় সংগঠক হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ’ব। তেওঁৰ ঘাটি হ’ব দিল্লী।
জ্যেষ্ঠ নেতা-কৰ্মীসকলৰ উদ্বেগ আৰু পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ এই নতুন স্থিতি। ইয়াৰ পূৰ্বে তেওঁ বিহাৰ আৰু ঝাৰখণ্ডৰ যুটীয়া আঞ্চলিক সংগঠনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই দুখন ৰাজ্যৰ যৌথ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ বিহাৰ বিজেপিৰ সংগঠন সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিহাৰৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিল। বিজেপিৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰ জিলাৰ বাসিন্দা নগেন্দ্ৰ নাথ ত্ৰিপাঠীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে ৰাজহুৱা জীৱন আৰম্ভ কৰিছিল। নগৰ প্ৰচাৰক, জিলা প্ৰচাৰক, বিভাগৰ প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদলৈ বদলি হয়। ইয়াৰ পিছতে তেওঁক উত্তৰ প্ৰদেশ বিজেপিৰ সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া