
নগাঁও, ০১ জুন (হি.স.)। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান শ্রীশ্রী বটদ্রৱা থানত আজি সম্পূৰ্ন ধৰ্মীয় পৰম্পৰাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ ভাগ উদযাপন কৰা হয়। মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা তাল কোবোৱা, আই সকলৰ নাম, খোল প্রসঙ্গৰ পাছতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা অহা প্রায় সহস্ৰাধিক ভক্ত-বৈষ্ণৱৰ উপস্থিতিত দুপৰীয়া কীৰ্তন অনুষ্ঠিত হয়।
দুপৰীয়া কীৰ্তনত মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে অন্য কীৰ্তনৰ লগতে ‘কৃষ্ণ সূৰ্য ভৈলন্ত উদিত....’ শীৰ্ষক কীৰ্তনভাগ পৰিবেশন কৰা হয়। উল্লেখ্য যে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে বটদ্রৱাৰ কীৰ্তনঘৰ, উত্তৰ পদশিলা, দক্ষিন পদশিলা আৰু দৌল মন্দিৰত শ শ ভক্ত-বৈষ্ণৱ উপস্থিত হৈ নৈৱেদ্য, শৰাই, বন্তি আগবঢ়োৱা দৃশ্য দৃষ্টিনন্দন হৈ পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা