ৰঙিয়াৰ তুলসীবাৰীত যুৱক সঙ্ঘৰ সৌজন্যত ত্রয়োদশ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সফল সামৰণি
কামৰূপ, ০১ জুন (হি.স.)। ৰঙিয়াৰ তুলসীবাৰীত যুৱক সঙ্ঘৰ সৌজন্যত ত্রয়োদশ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ নিশা সফল সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানৰ সৈতে , সঙ্গতি ৰাখি বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সন্ধিয়া সামৰণি
ৰঙিয়াৰ তুলসীবাৰীত যুৱক সঙ্ঘৰ সৌজন্যত ত্রয়োদশ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সফল সামৰণি


কামৰূপ, ০১ জুন (হি.স.)। ৰঙিয়াৰ তুলসীবাৰীত যুৱক সঙ্ঘৰ সৌজন্যত ত্রয়োদশ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ নিশা সফল সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানৰ সৈতে , সঙ্গতি ৰাখি বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সন্ধিয়া সামৰণি অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি অনুষ্ঠিত কৰা হয় মুকলি সভা আৰু বটা বিতৰণী অনুষ্ঠান ।

বিশিষ্ট সমাজ কৰ্মী ভুৱেনশ্বৰ লহকৰ , এবিএমচুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ লগতে আন কেইবাজনো গণ্য মান্য ব্যক্তি বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থাকে। আব্বাছ উদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্র-ছাত্ৰী সকলক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় । নিশা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত ৰহিম ৰাজ আৰু প্রিয়ংকা কলিতাৰ সংগীতে আপ্লুত কৰে হাজাৰ হাজাৰ দৰ্শকক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande