বজালীত নৈশ বাছৰ পৰা উদ্ধাৰ ৩৭ টা ছাগলী
বজালী, ০১ জুন (হি.স.)। বজালীৰ গলিয়া টোলগেটত নৈশ বাছৰ যাত্ৰীৰ পৰিবৰ্তে যাত্ৰী হ''ল ছাগলী | নৈশ বাছ খনৰ পৰা উদ্ধাৰ হয় ৩৭ টাকৈ ছাগলী | গোপন খবৰৰ ভিত্তিত বজৰংগ দলে বাছখন ধৰি প্ৰত্যক্ষ কৰে ছাগলী কেইটা | তাৰ পিছত আৰক্ষীক খবৰ দিয়াত ভৱানীপুৰ আৰক্ষী
বজালীত নৈশ বাছৰ পৰা উদ্ধাৰ ৩৭ টা ছাগলী


বজালী, ০১ জুন (হি.স.)।

বজালীৰ গলিয়া টোলগেটত নৈশ বাছৰ যাত্ৰীৰ পৰিবৰ্তে যাত্ৰী হ'ল ছাগলী |

নৈশ বাছ খনৰ পৰা উদ্ধাৰ হয় ৩৭ টাকৈ ছাগলী |

গোপন খবৰৰ ভিত্তিত বজৰংগ দলে বাছখন ধৰি প্ৰত্যক্ষ কৰে ছাগলী কেইটা |

তাৰ পিছত আৰক্ষীক খবৰ দিয়াত ভৱানীপুৰ আৰক্ষীৰ লগতে পৰিবহণ বিভাগৰ লোক উপস্থিত হৈ জব্দ কৰে ছাগলী কেইটা |

গৰাকী বিহীন ভাৱে বাছখনে ছাগলী কেইটা কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে |

জব্দ কৰা ছাগলী কেইটাৰ নাই কোনো বৈধ নথি পত্ৰও |

এএছ ১৫ এচি ১৯২৯ নম্বৰ বাছ খনত কঢ়িয়াই আনিছিল ৩৭ টাকৈ ছাগলী |

ইফালে, জব্দকৃত ছাগলী কেইটাৰ ডিঙিত থকা পঘাৰ কটা চিন স্পষ্ট |

সমগ্ৰ ঘটনা সন্দৰ্ভত ভৱানীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande