ৰঙিয়াত ভৱেশ কলিতাক উষ্ম আদৰণি
ৰঙিয়াত ভৱেশ কলিতাক উষ্ম আদৰণি।
ৰঙিয়াত ভৱেশ কলিতাক উষ্ম আদৰণি


কামৰূপ, ০৭ মে’ (হি.স.): তৃতীয় বাৰৰ বাবে বিধায়কৰ মুকুট পিন্ধি ৰঙিয়াত উপস্থিত হোৱা বিজেপিৰ নৱ নিৰ্বাচিত বিধায়ক ভৱেশ কলিতা ৰঙিয়াত যোৱা কালি বুধবাৰে সন্ধিয়া উষ্ম আদৰণি জনায় দলীয় কৰ্মী তথা সমৰ্থকসকলে । ৰঙিয়া চোছাইটি চ'কৰ পৰা ভৱেশ কলিতাক লৈ বিজেপি কৰ্মীৰ বিশাল বিজয় শোভাযাত্ৰা বাহিৰ কৰা হয় । ৰঙিয়া চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাত অংশ ললে কেইবা শতাধিক কৰ্মী সমৰ্থক আৰু স্থানীয় ৰাইজে ।

ইফালে তৃতীয় বাৰৰ বাবে ৰঙিয়াবাসীৰ সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই । এই পাঁচ বছৰত ৰঙিয়াবাসীৰ প্ৰতি দায়িত্ব অধিক বঢ়া বুলি মন্তব্য কৰি আগন্তুক দিনত ৰঙিয়া বাসীয়ে বহু পৰিবৰ্তন দেখিবলৈ পাব বুলি মন্তব্য আগবঢ়ায় ভৱেশ কলিতাই ।

উল্লেখ্য় যে অসমত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক জয় লাভ কৰিছে। অভিলেখ সৃষ্টি কৰি ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande