
গোলাঘাট, ০৭ মে’ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা । যোৱা কালি বুধবাৰে নিশা দেৰগাঁও মিলনপুৰত পুনৰ সংঘটিত হয় তেনে এক চুৰিকাণ্ডৰ ঘটনা । দেৰগাঁও মিলনপুৰৰ মিনতি শৰ্মা নামৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ঘৰত সোমাই চোৰ ।
গৃহস্থ আৰু ভাৰাতীয়া নথকাৰ সুযোগলৈ সন্ধিয়াতে চোৰ সোমাই চুৰিকাৰ্য সংঘটিত কৰে । গৃহস্থ আৰু ভৰাতীয়া উভতি অহাত নিশা প্ৰায় ৯ মান বজাতহে চুৰি হোৱাৰ কথা পোহৰলৈ আহে । বৰ্তমানলৈকে চোৰে কি কি মূল্যবান বস্তু চুৰ কৰে ,তাৰ অনুমান কৰিব পৰা নাই গৃহস্থৰ লগতে আৰক্ষীয়ে । প্ৰথমে গৃহটোৰ পাছফালৰ দ্বাৰৰ লক ভাঙি সোমাই চোৰ আৰু তাৰ পাছত ঘৰৰ চিলিং ভাঙি মুধচেৰে আন কোঠালৈ প্ৰৱেশ কৰে চোৰ আৰু মূল্যবান বস্তু বিচাৰি লণ্ড ভণ্ড কৰে সকলো সামগ্ৰী।ঘটনাস্থলীত উপস্থিতি হয় দেৰগাঁও আৰক্ষী আৰু এই ঘটনাৰ তদন্ত অব্যাহত ৰাখে । ফুটগধূলিতে হোৱা এনে চুৰিকাণ্ডই এতিয়া দেৰগাঁও মিলনপুৰ বাসী ৰাইজক শংকিত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ