আমগুৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
আমগুৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
আমগুৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি


শিৱসাগৰ, ০৭ মে (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিত এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । দুৰ্ঘটনাত মৃত্যু হৈছিল কৌশিক গগৈ নামৰ ১৯ বছৰীয়া যুৱকজনৰ । কালি বিয়লি কৌশিকৰ মৃতদেহ সন্মুখত লৈ ৰাইজে ঘেৰাও কৰে পংকজ বৰা নামৰ যুৱকজনৰ বাসগৃহ ।পংকজ বৰাৰ বিৰুদ্ধে ড্ৰাগ্চ সৰবৰাহৰ অভিযোগ উঠিছে ।

উল্লেখ্য় যে যোৱা ২৩ এপ্ৰিলত শিৱসাগৰ প্ৰগতি চাৰিআলি সমীপত পংকজ বৰা আৰু কৌশিক গগৈ দুৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাত কৌশিক গগৈ গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈছিল । যোৱানিশা বুধবাৰে কৌশিক গগৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। ইয়াৰ পাছতে কালি বিয়লি অভিযুক্ত পংকজ বৰাৰ বাসগৃহ ঘেৰাও কৰি ন্যায় বিছাৰে স্থানীয় ৰাইজে । ঘটনাস্থলীত আমগুৰি আৰক্ষী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande