
ইম্ফল, ০৬ মে’ (হি.স.)। মণিপুৰত বিগত ২৪ ঘণ্টাত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে চলোৱা পৃথক পৃথক অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ কেইবাজনো সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে। এই অভিযান সমূহত বৃহৎ পৰিমাণৰ নগদ ধন, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয়।
নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ লামছাং থানাৰ অন্তৰ্গত লামলংগেই আৱাং লেইকাইৰ বাসিন্দা কেচিপি (পিএছচি-পলিটব্যুৰো ষ্টেণ্ডিং কমিটি)ৰ সক্ৰিয় কেডাৰ হাওবাম জনছন মেইতেই (২৫) ওৰফে সানাথোই ওৰফে সাগেইক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড জব্দ কৰা হয়। একেটা সংগঠনৰ মহিলা সক্ৰিয় কেডাৰ ছালাম অংবি কঞ্জেংবাম কৰুণা দেৱী (৫১) ওৰফে পিপিককো ইম্ফল থানাৰ অন্তৰ্গত সগোলবন্দ মেইনো লেইৰাকস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ দখলৰ পৰা ৬.৮১ লাখ টকা নগদ ধন, এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড উদ্ধাৰ হয়।
ইফালে, প্ৰিিপাক (প্ৰ’)-ৰ সক্ৰিয় কেডাৰ ৱাংখেম ৰোহিত সিং ওৰফে আংখেই (২৫)ক চিংমেইৰং মানিং লেইকাইস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা দুটা মোবাইল ফোন আৰু ১,৪০০ টকা নগদ ধন জব্দ কৰা হয়।
আনহাতে, ৩ মে’ত ইম্ফল বিমানবন্দৰৰ ওচৰত সংঘটিত বিস্ফোৰণ ঘটনাৰ সৈতে জড়িত কেচিপি (পিএছচি)-ৰ সক্ৰিয় কেডাৰ লাইশ্ৰাম ইবোমচা মেইতেই (৪৭)ক ইম্ফল পূব জিলাৰ পোৰোমপাট থানাৰ অন্তৰ্গত ৱাংখেই পুখ্ৰামবাম লেইৰাক এলেকাৰ বাসগৃহৰ পৰা মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে। তেওঁৰ পৰা এটা মোবাইল ফোন আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰা হয়।
ইয়াৰ পূৰ্বে সুৰক্ষা বাহিনীয়ে ইউকেএনএৰ এছ/এছ লেফটেনেণ্ট ছেইমেনলাল হাওকিপ (২২)ক চুৰাচান্দপুৰ জিলাৰ এম ছংগেল গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ জেৰাৰ ভিত্তিত ৬ মে’ত এছ খোলেন আৰু উখা লোইখাই বনাঞ্চলত তালাচী অভিযান চলোৱা হয়।
অভিযানত এটা ৭.৬২ এমএম একে-৪৭ ৰাইফল, এটা একে মেগাজিন, এটা গ্লক .৩২ এচিপি পিষ্টল, এটা ৯ এমএম পিষ্টল মেগাজিন, বিভিন্ন কেলিবাৰৰ ২৬ জাই গুলী, দুটা হেণ্ড গ্ৰেনেড, চাৰিটা আইইডি, এটা ৰেডিঅ’ ছেট, এখন মাৰুতি জিপচী বাহন আৰু এটা স্মাৰ্টফোন উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাসমূহৰ তদন্ত আৰু পৰৱৰ্তী অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ