
ডিব্ৰুগড়, ০৭ মে (হি.স.): ডিব্ৰুগড় মহানগৰৰ ফুলবাগানত সংঘটিত হৈছে এক অঘটন। যোৱা কালি বুধবাৰে আবেলি সংঘটিত হয় এই অঘটন। অতি ব্যস্ততা পূৰ্ণ স্থান ফুলবাগানত ঘটে এই অঘটন।
জানিব পৰামতে, যোৱা কালি বুধবাৰে আবেলি সময়ত এজোপা গছ বাগৰি এখন স্কুটিৰ ওপৰত পৰে। ইয়াৰ ফলত সম্পূৰ্ণ ভাঙি বিধ্বস্ত হয় স্কুটীখন। লগতে এখন অটো ভাঙি বিনষ্ট হয়। ভাগ্যক্ৰমে উক্ত সময়ত কোনো লোক নাছিল। যাৰ বাবে কোনো লোক হতাহত হোৱাৰ একো অঘটন নঘটিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ