পঞ্জাৱঃ জলন্ধৰৰ বি এছ এফ কেম্প আৰু অমৃতসৰৰ আৰ্মী কেণ্টনমেণ্ট কেম্পৰ বাহিৰত বোমা বিস্ফোৰণ
চণ্ডীগড়, ০৬ মে’ (হি.স.)। পঞ্জাৱৰ জলন্ধৰ আৰু অমৃতসৰত মঙলবাৰে নিশা সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা। প্ৰথমটো বিস্ফোৰণ জলন্ধৰৰ বি এছ এফৰ শিবিৰৰ বাহিৰত সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়টো বিস্ফোৰণৰ কেইঘণ্টামান পিছত অমৃতসৰ কেণ্টনমেণ্ট কেম্পৰ বাহিৰত সং
पंजाब के अमृतसर में धमाके के बाद जांच करती पुलिस


अमृतसर में धमाके की जानकारी देते एसएसपी सुहेल मीर


চণ্ডীগড়, ০৬ মে’ (হি.স.)। পঞ্জাৱৰ জলন্ধৰ আৰু অমৃতসৰত মঙলবাৰে নিশা সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনা। প্ৰথমটো বিস্ফোৰণ জলন্ধৰৰ বি এছ এফৰ শিবিৰৰ বাহিৰত সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়টো বিস্ফোৰণৰ কেইঘণ্টামান পিছত অমৃতসৰ কেণ্টনমেণ্ট কেম্পৰ বাহিৰত সংঘটিত হয়। দুয়োটা বিস্ফোৰণতে ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ সন্দেহ কৰা হৈছে। পঞ্জাৱ আৰক্ষী আৰু বি এছ এফে তদন্ত আৰম্ভ কৰিছে।

জলন্ধৰৰ পি এ পি চ’কৰ সমীপত বি এছ এফৰ শিবিৰৰ বাহিৰত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ। এই বিস্ফোৰণ এক্টিভা দুচকীয়া বাহন এখনত সংঘটিত হৈছিল আৰু এই বাহনখন বি এছ এফৰ প্ৰাক্তন জোৱান কাশ্মীৰ সিঙৰ (গাঁও গড়া) আছিল। তেওঁৰ একমাত্ৰ পুত্ৰ গুৰপ্ৰীত সিঙে কুৰিয়ৰ বয়ৰ কাম কৰে। নিশা এক্টিভা বাহনখন ৰখাই তেওঁ এটা পাৰ্চেল ডেলিভাৰী দিবলৈ মুখ্য কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গৈছিল।

গুৰপ্ৰীতক আৰক্ষীয়ে বিএছএফৰ মুখ্য কাৰ্যালয়ত আটক কৰি ৰাখিছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় জলন্ধৰ আৰক্ষী আয়ুক্ত ধনপ্ৰীত কৌৰসহ আন বিষয়াসকল। ধনপ্ৰীত কৌৰৰ মতে, স্কুটিখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতহে এই বিস্ফোৰণ সংঘটিত হয়। খবৰ পোৱা গৈছে যে স্কুটিত দুজন যুৱক আহিছিল; দুয়োকে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে আটক কৰিছে। ফৰেনছিক দলে তদন্ত কৰি আছে।

ডেলিভাৰী বয় গুৰপ্ৰীত সিঙ ওৰফে ক্ৰীছে জেৰাৰ সময়ত আৰক্ষীক জনোৱা মতে, তেওঁ পাৰ্চেল দিবলৈ নহয়, ল’বলৈহে আহিছিল। ফুটপাথত নিজৰ এক্টিভাখন ৰখাইছিল আৰু গেটৰ পৰাই পাৰ্চেলটো ডেলিভাৰী দিবলৈ সৈনিকজনক ফোন কৰিছিল। তেওঁ অপেক্ষা কৰি থকাৰ সময়তে এজন যুৱক পাৰ হৈ গ’ল। অলপ পিছতে সংঘটিত হয় বিস্ফোৰণ।

ইফালে নিশা তদন্তকাৰী সংস্থাই বি এছ এফৰ অৱসৰপ্ৰাপ্ত বিষয়া কাশ্মীৰ সিঙৰ ঘৰ গড়া ৰোড মহল্লাত উপস্থিত হয়। তাতেই গুৰপ্ৰীতৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল। গম পোৱা গ’ল যে তেওঁ মোমায়েকৰ পুত্ৰক ঘৰত নমাই পোনে পোনে বি এছ এফ চ’কলৈ ৰাওনা হৈছিল। তদন্তৰ অন্তত দলটো উভতি আহে।

তাৰ কিছু ঘণ্টাৰ পাছত নিশা প্ৰায় ১১:১৫ বজাত অমৃতসৰৰ খাছা সেনা শিবিৰৰ বাহিৰত বোমা বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়া আৰু অমৃতসৰৰ এছ এছ পি ৰুৰেল সুহেইল মিৰো উপস্থিত হয়। কেইবা ঘণ্টা ধৰি আৰক্ষীয়ে নিশ্চিত নকৰিলে অমৃতসৰ বিস্ফোৰণ।

বুধবাৰে পুৱা তদন্ত সম্পূৰ্ণ কৰাৰ পিছত এছ এছ পিয়ে উল্লেখ কৰে যে খাছা ৰোডৰ খাছাৰ কেণ্টনমেণ্ট এলেকাৰ দেৱালৰ বাহিৰত বিস্ফোৰণৰ খবৰ পোৱা গৈছে। প্ৰাথমিক তদন্তত কোনোবাই বাহিৰৰ পৰা বিস্ফোৰক বস্তু নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে। এই বস্তুটোৱে এটা টিনত খুন্দা মাৰি বিস্ফোৰণ ঘটাই বি এছ এফৰ শিবিৰৰ টিন চেডটো উৰুৱাই লৈ যায়। ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে এফ এছ এলৰ দলে। তদন্তৰ পিছতহে স্পষ্ট হ’ব যে বিস্ফোৰণত কি ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande