
নৈনিতাল, ০৬ মে’ (হি.স.)। কুমাওন মণ্ডল বিকাশ নিগম (কে এম ভি এন)ৰ উদ্যোগত আয়োজিত আদি কৈলাশ আৰু ওম পাৰ্বত যাত্ৰাৰ বাবে অহা ৮ মে’ শুকুৰবাৰে পুৱা ৮ বজাত হালদ্বাণীৰ পৰা ৰাওনা হ’ব বিশজনীয়া প্ৰথমটো তীৰ্থযাত্ৰী।
নিগমৰ ব্যৱসায়িক উন্নয়ন পৰিচালক দীপক পাণ্ডেয়ে উল্লেখ কৰে যে আদি কৈলাশ আৰু ওম পাৰ্বত যাত্ৰাৰ প্ৰথমটো তীৰ্থযাত্ৰীৰ দলে শুকুৰবাৰৰ পৰা টিকোনিয়াস্থিত ৰাজহুৱা কাম-কাজ বিভাগৰ জিৰণি গৃহৰ পৰা যাত্ৰা আৰম্ভ কৰিব। প্ৰথম দিনাই তীৰ্থযাত্ৰীসকলে কইঞ্চি ধাম, চিটাই গোলু দেৱতা মন্দিৰ, আৰু জগেশ্বৰ ধাম পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে দলটোৱে জাগেশ্বৰৰ টুৰিষ্ট ৰেষ্ট হাউচত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পিথোৰাগড়লৈ ৰাওনা হ’ব। তেওঁ উল্লেখ কৰে যে প্ৰথমটো গোটত ১৩ জন মহিলা আৰু ৭ জন পুৰুষকে ধৰি ২০ জন তীৰ্থযাত্ৰী আছে। নিগমে তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা নিশ্চিত কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া