
কামৰূপ, ০৬ মে’ (হি.স.): কামৰূপ জিলাৰ হাজো ৰামদিয়া হীৰাপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী ২০ বছৰীয়া যুৱকৰ সন্ধানহীন হোৱাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । তিনি দিন পূৰ্বে ঘৰৰ পৰা সন্ধিয়া ফুৰিবলৈ গৈছিল ২০ বছৰীয়া যুৱক মুনীন্দ্ৰ ডেকা ওৰফে চিকনা । ইফালে লগৰ বন্ধুৱে যুৱক জনক হত্যা কৰাৰ সন্দেহ কৰে স্থানীয় লোকসকলে ।
ওচৰ চুবুৰীয়াই পথাৰত প্ৰত্যক্ষ কৰিছে তেজৰ চেকুৰা । পথাৰত তেজৰ চেকুৰা পৰি থকাত লৰাজনক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত পৰিয়ালৰ এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ ভিত্তিত চাৰিজনক আটক কৰিছে ৰামদিয়া আৰক্ষীয়ে । ইফালে আজি ৰামদিয়া আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইয়াকে লৈ চেপা উত্তেজনা বিৰাজ কৰিছে হাজোৰ ৰামদিয়াৰ হীৰাপাৰা অঞ্চলত । ৰামদিয়া আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে আটক কৰা চাৰি যুৱকক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ