
তামুলপুৰ, ০৬ মে’ (হি.স.): কুমাৰীকাটা আঞ্চলিক আৰু তামুলপুৰ জিলা গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাই কালি বিয়লি অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনায় । এই উদ্দেশ্যে সদৌ বিটিআৰ গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰায় ৫৭ গৰাকী কীৰ্তিমানক অভিনন্দন জনোৱা হয় ৷
অভিনন্দন অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক গুলজিৎ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বি.টি.আৰ গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হাছিম আলীয়ে উদ্বোধনী ভাষণত প্ৰদান কৰে । অনুষ্ঠানটোত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ লগতে গৰিয়া-মৰিয়া-দেশী ছাত্ৰ সন্থাৰ বিষববীয়া সকলকে ধৰি অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী , অভিভাৱক, ছাত্ৰকৰ্মী আৰু শিক্ষককে ধৰি দুই শতাধিক লোক উপস্থিত থাকে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ