
কোকৰাঝাৰ, ০৬ মে (হি.স.)। সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত এক নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিজয়ী হোৱা এন ডি এ তথা বিপিএফৰ প্ৰাৰ্থী শোভাৰাম বসুমতাৰীক আজি বিপুল ভাবে সম্বৰ্ধনা জনোৱা হয়।
বিপিএফৰ শৰাইবিল ব্লক সমিতিৰ উদ্যোগত দলীয় কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । শৰাইবিল ব্লক সম্পাদক চক্ৰসিং বৰ্গয়াৰীয়ে আতধৰা সম্বৰ্ধনা সভাত বিপিএফৰ গোসাইগাঁও জিলা ব্লকৰ লগতে সকলো পৰ্যায়ৰ নেতা কৰ্মীয়ে বসুমতাৰীক আৰোনাই ফুলাম গামোছা আদিৰে বিপুল ভাবে সম্বৰ্ধনা জনায় ৷ কাৰ্য্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিজয়ী প্ৰাৰ্থী শোভৰাম বসুমতাৰীয়ে অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত কাম কৰি যাব বুলি প্ৰকাশ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ