
কলকাতা, ০৬ মে’ (হি.স.)। পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক বিজয়ৰ পাছত নতুন চৰকাৰ গঠন সন্দৰ্ভত অধিসূচনা জাৰি কৰাৰ পিছতে ৰাজ্যখনত প্ৰশাসনিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। বুধবাৰে বিয়লি ৰাজভৱনত দ্বিতীয় বাৰৰ বাবে ৰাজ্যপাল ৰবীন্দ্ৰ নাৰায়ণ ৰৱিক সাক্ষাৎ কৰে মুখ্য সচিব দূষ্যন্ত নাৰিয়ালাই।
সূত্ৰ অনুসৰি, নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ পিছতে নন্দিনী চক্ৰৱৰ্তীৰ ঠাইত দুষ্যন্ত নাৰিয়ালাক মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হয়। বুধবাৰে মুখ্য নিৰ্বাচনী বিষয়াৰ বৈঠক সমাপ্ত হোৱাৰ লগে লগে প্ৰাসংগিক ফাইল লৈ মুখ্য সচিব ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয়।
নিৰ্বাচন আয়োগে নতুন চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে এই বৈঠক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
ইফালে ৰাজভৱনৰ উত্তৰ গেটত দেখা গ’ল সংবাদ মাধ্যমৰ বৃহৎ ভিৰ। নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছিল সাধাৰণ পোছাক পৰিহিত গধুৰ আৰক্ষী বাহিনী আৰু চোৰাংচোৱা বাহিনী।
সামগ্ৰিকভাৱে নিৰ্বাচন আয়োগৰ অধিসূচনাৰ পিছতে ৰাজভৱন, নৱান্ন আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত ধাৰাবাহিক বৈঠক চলি আছে। চৰকাৰ গঠনৰ প্ৰস্তুতি এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হোৱা যেন লাগে।
हिन्दुस्थान समाचार / অৰৱিন্দ