পশ্চিম বংগত বিজয়ী প্ৰাৰ্থীৰ তালিকাৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
কলকাতা, ০৬ মে’ (হি.স.)। পশ্চিম বংগত নতুন চৰকাৰ গঠনৰ প্রক্রিয়া এতিয়া ত্বৰান্বিত হৈছে ৷ বুধবাৰে মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই লোক ভৱনত উপস্থিত হৈ ৰাজ্যপাল আৰ.এন. ৰবিক সাক্ষাৎ কৰে। তেওঁৰ সৈতে নিৰ্বাচন আয়োগৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো
পশ্চিম বংগত বিজয়ী প্ৰাৰ্থীৰ তালিকাৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ


কলকাতা, ০৬ মে’ (হি.স.)। পশ্চিম বংগত নতুন চৰকাৰ গঠনৰ প্রক্রিয়া এতিয়া ত্বৰান্বিত হৈছে ৷ বুধবাৰে মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই লোক ভৱনত উপস্থিত হৈ ৰাজ্যপাল আৰ.এন. ৰবিক সাক্ষাৎ কৰে। তেওঁৰ সৈতে নিৰ্বাচন আয়োগৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো উপস্থিত থাকে।

এই বৈঠকৰ সময়ত নতুন বিধানসভা গঠন সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা ৰাজ্যপালৰ ওচৰত দাখিল কৰা হয়। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২৯৪ খন আসনত জয়ী হোৱা প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ সৈতে জড়িত নথি-পত্ৰও দাখিল কৰা হয়।

লোকভৱনৰ ঐতিহাসিক ‘সিংহাসন প্ৰেক্ষাগৃহ’ত ৰাজ্যপাল আৰু নিৰ্বাচন আয়োগৰ বিষয়ববীয়াৰ মাজত এক দীঘলীয়া আলোচনা হয়। সভাৰ অন্তত সকলো বিষয়াই একেলগে ফটো চেচনতো অংশগ্ৰহণ কৰে।

এই বৈঠকৰ লগে লগে ৰাজ্যত নতুন চৰকাৰ গঠনৰ পথ সম্পূর্ণৰূপে মুকলি হৈছে, আৰু চৰকাৰ গঠনৰ চূড়ান্ত প্রস্তুতি এতিয়া খৰতকীয়া হৈছে ৷

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande