
নগাঁও, ০৬ মে’(হি.স.): নগাঁৱৰ চামগুৰিৰ সমীপৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গৰম তিনিআলিত যোৱা কালি মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰু চোৰক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গৰম তিনিআলি আৰু পেনাই মাজত খেদি খেদি জব্দ কৰে গৰু সহ এখন ব্যক্তিগত বাহন।
অভিযানত জব্দ দুটা গৰু ভৰ্তি ছুইফট ডিজাইয়াৰ বাহনৰ লগতে আটক কৰা হয় দুটা চোৰ। আৰক্ষীয়ে খেদি যোৱাৰ ফলত গৰু ভৰ্তি বাহন খনে পলাবলৈ চেষ্টা কৰোঁতে প্ৰথমে দুৰ্ঘটনাত পতিত হয়। দুটাকৈ গৰু সহ জব্দ কৰে এএছ ০৬ আৰ ৮৩২২ নম্বৰৰ বাহন খন। ইফালে আৰক্ষীয়ে খেদি খেদি জব্দ কৰা বাহন খন একাংশ উত্তেজিত ৰাইজে ভাঙি লণ্ড ভণ্ড কৰে। গৰু চোৰ কেইটা ক্ৰমে চামগুৰিৰ সোণাৰীবালিৰ আছিকুল ইছলাম আৰু এক নং খলীহামাৰিৰ ৰহমত আলী বুলি জানিব দিয়ে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ