
গোলাঘাট, ০৬ মে (হি.স.)। দেৰগাঁৱত ধুমুহাৰ তাণ্ডৱ। বুধবাৰে দুপৰিয়া অহা এজাক প্ৰচণ্ড বতাহ-ধুমুহাই দেৰগাঁৱৰ এক বৃহৎ অঞ্চলত তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে। খৰব অনুসৰি এই বতাহ-ধুমুহাত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমনি পাম, দিঘলী পাম আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বহু ক্ষয়-ক্ষতি হয়। অকস্মাৎ অহা বতাহ-ধুমুহাই উৰুৱাই নিলে বহু ঘৰৰ টিন-পাত আৰু মুধচ।
ঘৰৰ টিং উৰুৱাই নিয়াত শিশু সহ পৰিয়ালৰ লোক সকলৰ কথমপি প্ৰান ৰক্ষা পৰে। ইপিনে এই বতাহ ধুমুহাই এখন ব্ৰইলাৰ মুৰ্গী ফাৰ্মৰ গৃহ সম্পূণৰূপে ভাঙি পেলাই। বতাহত ঘৰৰ টিং পাত গৈ ৩০ ফুট ওখ গছত উঠিল। প্ৰকাণ্ড প্ৰকাণ্ড বহু গছ-গছনি উভালি পৰা আৰু আধাতে চিঙি যোৱাও দেখা যায়। গছ ভাগি পৰাত কেইবাটাও অঞ্চলৰ পথ যোগাযোগ বিচিন্ন হৈ পৰে। হাবিৰ মাজতো বহু ডাঙৰ গছ উভালি পৰি বহু বাঁহগছৰ ক্ষতিসাধন হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ