তামিলনাডুঃ টিভিকেৰ নেতা বিজয়ৰ ৰাজ্যপালক সাক্ষাৎ, চৰকাৰ গঠনৰ দাবী উত্থাপন
চেন্নাই, ০৬ মে’(হি.স.)। কংগ্ৰেছে সমৰ্থন ঘোষণা কৰাৰ পিছতে তামিলনাডুত তামিলনাডু ভেত্ৰী কাঝাগাম (টিভিকে)ৰ চৰকাৰ গঠনৰ পথ মুকলি হৈছে। বুধবাৰে বিয়লি টিভিকেৰ নেতা বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। এই ব
राज्यपाल से मिले विजय – सरकार बनाने का दावा पेश किया


চেন্নাই, ০৬ মে’(হি.স.)। কংগ্ৰেছে সমৰ্থন ঘোষণা কৰাৰ পিছতে তামিলনাডুত তামিলনাডু ভেত্ৰী কাঝাগাম (টিভিকে)ৰ চৰকাৰ গঠনৰ পথ মুকলি হৈছে। বুধবাৰে বিয়লি টিভিকেৰ নেতা বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

এই বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন আনিছে। তামিলনাডুৰ জনসাধাৰণে এআইএডিএমকে আৰু ডিএমকেক প্ৰান্তীয়কৰণ কৰি ৰাজ্যখনৰ নতুন দল টিভিকেক অতিশয় সমৰ্থন আগবঢ়ায়। কিন্তু কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ওলমি থকা বিধানসভাৰ উত্থান ঘটিল। ফলস্বৰূপে ৰাজ্যৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা টিভিকেক কংগ্ৰেছৰ সমৰ্থনে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ মুকলি কৰি দিলে। এক নতুন পৰিঘটনাত আজি ৰাজভৱনত উপস্থিত হৈ টিভিকে নেতা বিজয়ে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ সৈতে সাক্ষাৎ কৰে।

বৈঠকত ৰাজ্যপালগৰাকীয়ে বিজয়ক এখন চাদৰ আৰু এখন স্মৃতিগ্ৰন্থ উপহাৰ দি অভিনন্দন জনায়। ইয়াৰ পিছতে বিজয়ে চৰকাৰ গঠনৰ নিমন্ত্ৰণী পত্ৰ অনুৰোধ কৰি সমৰ্থক বিধায়কৰ পৰা ৰাজ্যপালৰ ওচৰত পত্ৰ দাখিল কৰে। এই বৈঠকত টিভিকেৰ নেতা পুছি আনন্দ, চেংগোটাইয়ান, আৰু আদৱ অৰ্জুনাও উপস্থিত থাকে। অনুমান কৰা হৈছে যে বৃহস্পতিবাৰে পুৱা ১১:৩০ বজাত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰী তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande