
নলবাৰী , ০৬ মে (হি.স.)। মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা।
নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়।
বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাঞ্জল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু কলমেৰে আদৰণি জনোৱা হয়।
এইবৰ্ষত বিদ্যালয়খনে তিনিওটা শাখাতে ঈৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰিছে। বিজ্ঞান শাখাত ১২৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১২৬ গৰাকী উত্তীৰ্ণ হৈ ৯৯.২১%, কলা শাখাত ২৩৩ গৰাকীৰ ভিতৰত ২২১ গৰাকী উত্তীৰ্ণ হৈ ৯৪.৮% আৰু বাণিজ্য শাখাত ৫৪ গৰাকীৰ ভিতৰত ৪২ গৰাকী উত্তীৰ্ণ হৈ ৭৭.৭% সফলতাৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অধ্যক্ষ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক এজন সুনাগৰিক হিচাপে গঢ়ি উঠি সমাজৰ হকে কাম কৰিবলৈ আহ্বান জনায়। বিদ্যালয়খনৰ এই সাফল্যত স্থানীয় ৰাইজ তথা অভিভাৱকসকলৰ মাজত আনন্দৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু