

সকলো অংশীদাৰলৈ কৃতজ্ঞতা জ্ঞাপন মুখ্য নিৰ্বাচনী বিষয়াৰ
গুৱাহাটী, ০৬ মে' (হি.স.)। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ সফলতাৰে সম্পন্ন হোৱাৰ পাছত নতুন অসম বিধান সভা গঠন কৰাৰ বাবে আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলৰ সৈতে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত নৱনিৰ্বাচিত বিধায়কসকলৰ তালিকা দাখিল কৰে।
এই নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে মুঠ ১০২খন আসনত জয়লাভ কৰে । ইয়াৰ ভিতৰত বিজেপিয়ে ৮২খন, অসম গণ পৰিষদে (অগপ) ১০খন আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (বিপিএফ) ১০খন আসনত জয়লাভ কৰে । আনহাতে, ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে ২১খন আসন লাভ কৰে। ইয়াৰ ভিতৰত কংগ্ৰেছে ১৯খন আৰু ৰাইজৰ দলে ২খন আসনত জয়লাভ কৰে। লগতে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে (এ আই ইউ ডি এফ) ২খন আৰু তৃণমূল কংগ্ৰেছে (টিএমচি) ১খন আসনত জয়লাভ কৰে।
অসমৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰাজ্যজুৰি শান্তিপূৰ্ণ, স্বচ্ছ আৰু সফলভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় আগবঢ়োৱা সংশ্লিষ্ট সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
দায়িত্বশীলতা আৰু উৎসাহেৰে গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰি নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াই অসমৰ ভোটাৰসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, ইলেক্ট’ৰেল ৰেজিষ্ট্ৰেচন বিষয়া, বুথ লেভেল বিষয়া, ভোটগ্ৰহণ আৰু ভোটগণনাৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীকে তেওঁলোকৰ নিষ্ঠা, পেছাদাৰী মনোভাৱ আৰু অক্লান্ত পৰিশ্ৰমৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে।
শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে নিৰ্বাচন সম্পন্ন কৰাত সহায় আগবঢ়োৱাৰ বাবে অসম আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, হোমগাৰ্ড, আইন বলবৎকাৰী সংস্থা, বিভিন্ন চৰকাৰী বিভাগ, ৰাজনৈতিক দল, সংবাদ মাধ্যম, এছ ভি ই ই পি টীমকে ধৰি সকলো অংশীদাৰলৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ কয় যে, এই নিৰ্বাচনৰ সফল সম্পাদনে অসমৰ জনসাধাৰণ আৰু প্ৰতিষ্ঠানসমূহৰ গণতন্ত্ৰ আৰু সাংবিধানিক মূল্যবোধ শক্তিশালী কৰাৰ প্ৰতি থকা সমূহীয়া দায়বদ্ধতা পুনৰ প্ৰতিফলিত কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী