
নতুন দিল্লী/মুম্বাই, ০৬ মে’ (হি.স.)। ৰাজ্যসভাৰ আসনৰ পৰা পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি সুনেত্ৰা পাৱাৰে। উপ-সভাপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে পদত্যাগ পত্ৰ দাখিল কৰে।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছৰে পৰা সংসদ সদস্য হিচাপে পদত্যাগ কৰাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। শেহতীয়া উপ-নিৰ্বাচনত তেওঁ অভিলেখ ব্যৱধানত বৰামাটি বিধানসভাৰ আসনত জয়লাভ কৰে। বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰে। উল্লেখযোগ্য যে হেলিকপ্টাৰ দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী সুনেত্ৰ পাৱাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰা হয়।
নিয়ম অনুসৰি যিকোনো এটা সদনত নিৰ্বাচিত হোৱা ব্যক্তিয়ে ১৪ দিনৰ ভিতৰত কোনো এটা সদনৰ পৰা পদত্যাগ কৰিব লাগিব। সেয়ে বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে সাংসদ পদৰ পৰা পদত্যাগ কৰে। ৰাজ্যসভাৰ সদস্য হিচাপে সুনেত্ৰ পাৱাৰৰ কাৰ্যকালত এতিয়াও দুবছৰ বাকী আছে। তাই খালী কৰা পদ কোনে পূৰণ কৰিব সেয়া হ’ব লক্ষ্যণীয়। শীঘ্ৰে ঘোষণা কৰা হ’ব তেওঁ খালী কৰা ৰাজ্যসভাৰ আসনখনৰ উপ-নিৰ্বাচন। ইফালে সুনেত্ৰ পাৱাৰৰ পদত্যাগৰ পূৰ্বেও তেওঁৰ পুত্ৰ পাৰ্থ পাৱাৰ সাংসদ হৈ পৰিছে। মাত্ৰ যোৱা মাহত পাৰ্থ পাৱাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ