শুৱালকুছি ব্ৰহ্মপুত্ৰত মাছ ধৰা অসাধু মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান
কামৰূপ, ০৬ মে (হি.স.)। শুৱালকুছি ব্ৰহ্মপুত্ৰত মাছ ধৰা অসাধু মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান। আজি ৰাতিপুৱাই কামৰূপ মীন বিভাগে শুৱালকুছি নদী আৰক্ষীৰ সহযোগত চলাই এই অভিযান। কামৰূপত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মাছ ধৰা নিষিদ্ধ । নিষিদ্ধ নিৰ্দ
শুৱালকুছি ব্ৰহ্মপুত্ৰত মাছ ধৰা অসাধু মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান


কামৰূপ, ০৬ মে (হি.স.)। শুৱালকুছি ব্ৰহ্মপুত্ৰত মাছ ধৰা অসাধু মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ অভিযান। আজি ৰাতিপুৱাই কামৰূপ মীন বিভাগে শুৱালকুছি নদী আৰক্ষীৰ সহযোগত চলাই এই অভিযান।

কামৰূপত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মাছ ধৰা নিষিদ্ধ । নিষিদ্ধ নিৰ্দেশনা থকাৰ পিছতো কামৰূপৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মাছ ধৰা কাৰ্য

বৰ্তমান সময়ত নৈ জান জুৰি পুখুৰী-বিলত মাছে কণী দিয়াৰ সময় । এই সময়চোৱাতো একাংশ অসাধু মাছমৰীয়াই কণী যুক্ত মাছ ধৰি আহিছে । এই সকল অসাধু মাছমৰীয়াৰ বিৰুদ্ধে ৰাতিপুৱাই শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ ঘাটত কামৰূপ মীন বিভাগৰ অভিযান

এই অভিযানত শুৱালকুছি নদী আৰক্ষীৰ সহযোগত কামৰূপ মীন বিভাগে অভিযান চলাই কেইবাজনো মাছমৰীয়াৰ পৰা জব্দ কৰে বহুকেইখন নিষিদ্ধ জাল

এই অভিযান ১৫ জুলাই পৰ্যন্ত অব্যাহত ৰখাৰ ঘোষণা মীন বিভাগৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande