কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত শশী শেখৰ ভেম্পতী
নতুন দিল্লী, ০৬ মে’ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে শশী শেখৰ ভেম্পাটিক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি শশী শেখৰ ভেম্পতিয়ে তিনি বছৰৰ বাবে এই পদত অধিষ্ঠিত হ’ব। এই নিযু
शशि शेखर वेम्पति


নতুন দিল্লী, ০৬ মে’ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে শশী শেখৰ ভেম্পাটিক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি শশী শেখৰ ভেম্পতিয়ে তিনি বছৰৰ বাবে এই পদত অধিষ্ঠিত হ’ব।

এই নিযুক্তিৰ পিছতে শেহতীয়াকৈ প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱা প্ৰসুণ যোশীয়ে চিবিএফচিৰ মুৰব্বী পদৰ পদ ত্যাগ কৰে।

শশী শেখৰ ভেম্পতীৰ সংবাদ মাধ্যম, সম্প্ৰচাৰ আৰু জনসংযোগৰ ক্ষেত্ৰত বিস্তৃত অভিজ্ঞতা আছে। ইয়াৰ পূৰ্বে তেওঁ প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সাধাৰণতে চেন্সৰ ব’ৰ্ড নামেৰে জনাজাত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ এক বিধিগত সংস্থা। ই চিনেমাট'গ্ৰাফ এক্ট, ১৯৫২ৰ অধীনত ছবি, বিজ্ঞাপন, আৰু টেলিভিছনৰ বিষয়বস্তুৰ ৰাজহুৱা প্ৰদৰ্শনীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।অৰ্থাৎ ই দেশৰ মূল চলচ্চিত্ৰ প্ৰমাণীকৰণ সংস্থা, যিয়ে সিদ্ধান্ত লয় যে কোন শ্ৰেণীত ছবি এখন মুক্তি পাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande