
গোলাঘাট, ০৬ মে (হি.স.)। দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচন হোৱা বিশ্বজিৎ ফুকনক ৰাজহুৱা সম্বৰ্ধনা।
সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় দল-সংগঠনৰ লগতে সৰুপথাৰ সমষ্টিৰ ৰাইজে। দ্বিতীয়বাৰৰ বাবে সৰুপথাৰৰ বিধাক হিচাপে নিৰ্বাচিত হোৱাৰ বাবে সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা জনাইছে। দ্বিতীয়বাৰ বিধায়ক হিচাপে জয়ী হোৱাৰ পিছতেই সৰুপথাৰত উচ্ছেদ সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰে। সৰুপথাৰত বাকি থকা ঠাই সমূহত পুনৰ উচ্ছেদ আৰম্ভ কৰিব বুলি মন্তব্য দিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা