
নগাঁও, ০৬ মে (হি.স.)। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত আমবাগানৰ দক্ষিণ ভোমোৰাগুৰিৰ ৩২ বছৰীয়া এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দক্ষিণ ভোমোৰাগুৰিৰ অবিনাশ সেন নামৰ লোকজন যোৱা বৃহস্পতিবাৰে জখলাবন্ধা লৈ যাওঁ বুলি নিজ ঘৰৰ পৰা ওলাই গৈছিল। আজি ৭ দিনে সন্ধান নাই অবিনাশৰ। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালটো।
পত্নীয়ে স্বামীৰ বাবে অপেক্ষা কৰি ৰুগীয়া হৈ নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে। কোনো সদাশয় ব্যক্তিয়ে যদি অবিনাশৰ কোনো সন্ধান লাভ কৰে তেন্তে আমবাগান আৰক্ষী চকী অথবা পৰিয়ালৰ লগত ফোন যোগে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে। পৰিয়ালৰ ফোন নং 6003752967/9101238306 এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে অবিনাশৰ পত্নীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ