নগৰবেৰাৰ হেকৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
নগৰবেৰাৰ হেকৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নগৰবেৰাৰ হেকৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা


কামৰূপ, ০৬ মে’ (হি.স.): কামৰূপ জিলাৰ নগৰবেৰাৰ হেকৰাত যোৱা কালি মঙলবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন ই-ৰিক্সাৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা ঘটে।

এই দুৰ্ঘটনাত মালিবাৰী সত্ৰ গাঁৱৰ এগৰাকী মগনীয়া মহিলাৰ লগতে ই-ৰিক্সা চালক সোণা উল্লা নামৰ লোকজন গুৰুতৰভাৱে আহত হয়। আহত মহিলা গৰাকীৰ নাম মতী মালো বুলি জানিব পৰা গৈছে । আহত মহিলা গৰাকীৰ এখন ভৰি ভঙাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ ৰেফাৰ কৰে যদিও অসহায় মহিলা গৰাকী নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিচনাত ছটফটাই থকা পৰিলক্ষিত হৈছে।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰা আনখন ই-ৰিক্সা ঘটনাস্থলীৰ পৰা পলায়ণ কৰে । নগৰবেৰা আৰক্ষীয়ে পলায়ণ কৰা ই-ৰিক্সাখন বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande