পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পিছত হিংসাত্মক ঘটনাক লৈ কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ
কলকাতা, ০৬ মে’ (হি.স.)। বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পশ্চিম বংগত সংঘটিত হোৱা হিংসা আৰু লণ্ডভণ্ড কাণ্ড সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই হিংসাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
भारत निर्वाचन आयोग


কলকাতা, ০৬ মে’ (হি.স.)। বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পশ্চিম বংগত সংঘটিত হোৱা হিংসা আৰু লণ্ডভণ্ড কাণ্ড সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই হিংসাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।

মঙলবাৰে কলকাতাৰ নিউটাউন এলেকাত মধু মণ্ডল নামৰ বিজেপি কৰ্মী এজনক প্ৰহাৰ কৰি হত্যা কৰা হয়। ঘটনাৰ পিছতে পৰিয়ালৰ সদস্য আৰু স্থানীয় বাসিন্দাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনাৰ আশ্ৰয় লয়।

খবৰ অনুসৰি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা হিংসাত্মক ঘটনা আৰু লণ্ড ভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ আলোকত মুখ্য নিৰ্বাচন আয়ুক্তই ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, কলকাতা আৰক্ষীৰ আয়ুক্ত, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, আৰু অন্যান্য আৰক্ষী বিষয়াক নিৰন্তৰ টহল চলাবলৈ আৰু পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচন আয়োগে স্পষ্টকৈ উল্লেখ কৰিছে যে নিৰ্বাচনৰ পিছৰ যিকোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande