ফকিৰগঞ্জত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান, ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
মানকাচৰ, ৬ মে (হি.স.)। ফকিৰগঞ্জত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ।আৰক্ষীৰ আভিযানত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক । ধৃত সৰবাহকাৰী তিনিজন ফকিৰগঞ্জ ধাপান পাৰা গাওঁৰ ইকবাল হছেইন , গাজিবৰ ৰহমান আৰু আশৰাফুল ইছলাম শিকদাৰ । ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক
ফকিৰগঞ্জত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান, ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক


মানকাচৰ, ৬ মে (হি.স.)। ফকিৰগঞ্জত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ।আৰক্ষীৰ আভিযানত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক । ধৃত সৰবাহকাৰী তিনিজন ফকিৰগঞ্জ ধাপান পাৰা গাওঁৰ ইকবাল হছেইন , গাজিবৰ ৰহমান আৰু আশৰাফুল ইছলাম শিকদাৰ । ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ জ্যোতি ৰায়ৰ এক গোপন সূত্ৰৰ ভিত্তিত ফকিৰগঞ্জ আৰক্ষী থানাৰ আৰক্ষীৰ সজাতি দলে গোপন সুত্ৰৰ পম খেদি ধাপান পাৰা গাওঁৰ ইকবাল হুছেইনৰ ঘৰত কালি নিশা অভিযান চলায়।

উক্ত অভিযানত ইকবালৰ ঘৰৰ পৰা ১৪৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নগত ধন ২৮৫০ টকা জব্দ কৰাৰ লগতে গাজীবৰ ৰহমান (২৫) আৰু ইকবাল হুচেইন (২৬) আৰু আশৰাফুল ইছলাম শিকদাৰ(২৪)ক প্ৰথমে আটক আৰু সোধা পোচাৰ পিছত আৰক্ষীয়ে ৪৭/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰি উক্ত সৰবৰাহকাৰী তিনিজনক গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান অভিযুক্ত তিনিজনক আৰক্ষীয়ে ধুবুৰী ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷আৰক্ষী সুত্ৰে জানিব দিয়া মতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ পৰা ১৪৪,৫৫গ্ৰাম ড্ৰাগছ জব্দ কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande