লামডিঙৰ ৰে’ল পাৰ্কিঙত গাজাসহ আটক এজন
লামডিঙৰ ৰেল পাৰকিংত গাজা বেছি আটক এজন।
লামডিঙৰ ৰে’ল পাৰ্কিঙত গাজাসহ আটক এজন


হোজাই, ০৬ মে’ (হি.স.): ৰে’ল নগৰী হোজাই জিলাৰ লামডিঙত অব্য়াহত আছে মাদক দ্ৰব্য় গাজাৰ ৰমৰমীয়া ব্য়ৱসায়। প্ৰায়ে লামডিঙত উদ্ধাৰ কৰি অহা হৈছে গাঞ্জাসহ আন মাদক দ্ৰব্য়। বহি ৰাজ্য়ৰ পৰা গাজা সৰবৰাহ কৰাৰ এক ঘাটি হৈ পৰিছে লামডিং। ইয়াৰ মাজতে লামডিঙৰ ৰে’ল পাৰ্কিঙত যোৱা কালি মঙলবাৰে নিশা গাজা বিক্ৰি কৰা অৱস্থাত আটক হয় এজন লোক।

জানিব পৰামতে, পিনাক দেৱ নামৰ লামডিঙ নদী পাৰ লাছ কলনীৰ লোকজনে ৰে’লত পাৰ্কিঙত গাঞ্জা বিক্ৰী কৰি আছিল । এনে অৱস্থাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২কেজি ৫০০ গ্ৰামৰো অধিক গাঞ্জা উদ্ধাৰ কৰাৰ লগতে পিনাক দেৱক আটক কৰে। জব্দ কৰা গাঞ্জা খিনি মূল্য আনুমানিক ৩ লাখ টকাৰো অধিক হ’ব বুলি কোৱা হৈছে । ইফালে অভযানৰ সময়ত লিটন দে নামৰ নামৰ এজন কলা ব্যৱসায়ী পলায়ন কৰিবলৈ সক্ষম হয়। উল্লেখ্য় যে লামডিঙ থানা ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ শইকীয়াই নেতৃত্বত এই অভিযান চলিছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande