
কাছাৰ, ০৬ মে (হি.স.)। বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এগৰাকী বিধায়কে তেওঁ অধ্যয়ণ কৰি অহা বিশ্ববিদ্যালয়ৰ সন্মুখত গৈ আঠুকাঢ়ি সেৱা জনালে পবিত্ৰ শিক্ষানুষ্ঠান খনক। বিশ্ববিদ্যালয়ৰ সন্মুখত নতশিৰে ভক্তি জনাই বিশ্ববিদ্যালয়ৰ খনৰ সৈতে থকা অতীতৰ অমুল্য দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে কম বয়সীয়া নব নিৰ্বাচিত বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকী হৈছে হাইলাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক ড মিলন দাস।
বুধবাৰে হাইলাকান্দিৰ পৰা গুৱাহাটীৰ উদ্দেশ্য অহা বিধায়ক গৰাকীয়ে কাছাৰৰ আইৰংমাৰাত অৱস্থিত অসম বিশ্ববিদ্যালয়ৰ সন্মুখৰ প্ৰধান প্ৰৱেশ দ্বাৰৰ ওচৰত গৈ এই দৰে আঠুকাঢ়ি সেৱা জনালে তেওঁ অধ্যয়ণ কৰি অহা বিশ্ববিদ্যালয়খনক সামাজিক মাধ্যমত এই ভিডিঅ'টো আপলোড কৰি বিধায়ক গৰাকীয়ে কয়: *হাইলাকান্দি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি গুৱাহাটী অভিমুখে যাত্ৰাপথত মই মোৰ প্ৰিয় শিক্ষা প্ৰতিষ্ঠান অসম বিশ্ববিদ্যালয়লৈ উভতি গ'লোঁ।
বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰত নত মস্তকে প্ৰণাম জনাই জীৱনৰ সেই অমূল্য দিনবোৰক অনুভৱ কৰিলোঁ। এই বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি বিস্তীৰ্ণ আইৰংমাৰা অঞ্চল সকলোতে মোৰ ছাত্ৰজীৱনৰ অসংখ্য স্মৃতি, আৱেগ আৰু অভিজ্ঞতা সাঙোৰ খাই আছে। ইয়াত কটোৱা সময়ে কেৱল মোক শিক্ষাগত অৰ্হতা অৰ্জন কৰোৱাই নহয় বৰং স্থানীয় মানুহৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ এক অমূল্য বাতাবৰণ সৃষ্টি কৰি তুলিছিল। আজি পুনৰ সেই চিনাকি প্ৰাংগণলৈ উভতি আহি পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিলোঁ আৰু সেই ভাবনাই মোৰ হৃদয় সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু মৰমেৰে ভৰাই তুলিলে*।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা