হাজোৰ ৰামদিয়া হীৰাপাৰা গেন্ধেলেতাৰিত হত্যা কাণ্ড
কামৰূপ, ০৬ মে (হি.স.)। হাজোৰ ৰামদিয়া হীৰাপাৰা গেন্ধেলেতাৰিত হত্যা কাণ্ড। ৰামদিয়া মাজৰকুৰি দুই ভাতৃ য়ে মিলি মুনিন্দ ডেকা অৰফে(চিকনা) নামৰ যুৱক জনক ৰামদিয়া গেন্ধেলেত্বাৰি হীৰাপাৰাত হত্যাকৰি কলাজল নদীত পেলাই দিয়াৰ সন্দেহ। যোৱা ৩ তাৰিখৰ পৰা ন
হাজোৰ ৰামদিয়া হীৰাপাৰা গেন্ধেলেতাৰিত হত্যা কাণ্ড


কামৰূপ, ০৬ মে (হি.স.)। হাজোৰ ৰামদিয়া হীৰাপাৰা গেন্ধেলেতাৰিত হত্যা কাণ্ড। ৰামদিয়া মাজৰকুৰি দুই ভাতৃ য়ে মিলি মুনিন্দ ডেকা অৰফে(চিকনা) নামৰ যুৱক জনক ৰামদিয়া গেন্ধেলেত্বাৰি হীৰাপাৰাত হত্যাকৰি কলাজল নদীত পেলাই দিয়াৰ সন্দেহ।

যোৱা ৩ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰামদিয়া মাজৰকুৰিৰ যুৱক মুনিন্দ ডেকা অৰফে চিকনা। মঙ্গলবাৰে হাজো আৰক্ষীয়ে সুধপোচৰ বাবে ৰামদিয়া মাজৰকুৰি দুই ভাতৃ ৰাজুডেকা আৰু মৃদুল ডেকাক থানালৈ লৈ আনে।

আৰক্ষীৰ তদন্তত দুই ভাতৃ ৰাজুডেকা আৰু মৃদুল ডেকাই হত্যা কৰি কলাজল নদীত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে। ৰাজু ডেকা আৰু মৃদুল ডেকাৰ স্বীকৰক্তিৰ ভিত্তিত গেন্ধেলেতাৰি হীৰাপাৰা কলাজল নদীত কামৰূপ আৰক্ষী এছ ডি আৰ এফ আৰু এন ডি আৰ এফ ৰ অভিযান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande