নেপালত বাঢ়িছে গুৰুকুল আৰু সংস্কৃত ভাষাৰ প্ৰতি আকৰ্ষণ
কাঠমাণ্ডু, ০৬ মে’ (হি.স.)। নেপালৰ গুৰুকুলত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগে লগে সংস্কৃত ভাষাৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিব ধৰিছে। ডাংস্থিত নেপাল সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক গুৰুপ্ৰসাদ সুবে
नेपाल के दांग जिला स्थित गुरुकुल


কাঠমাণ্ডু, ০৬ মে’ (হি.স.)। নেপালৰ গুৰুকুলত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগে লগে সংস্কৃত ভাষাৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিব ধৰিছে।

ডাংস্থিত নেপাল সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক গুৰুপ্ৰসাদ সুবেদীৰ মতে বৰ্তমান সমগ্ৰ দেশতে প্ৰায় ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সংস্কৃত অধ্যয়ন কৰি আছে। সমগ্ৰ দেশতে প্ৰায় ৫০০ গুৰুকুলে চলি আছে, ইয়াৰে ৩০০ টা পঞ্জীয়নভুক্ত আৰু ২০০ টা পঞ্জীয়নহীন।

অধ্যাপক সুবেদীৰ মতে এই গুৰুকুলত প্ৰায় ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ইফালে, নেপাল সংস্কৃত বিশ্ববিদ্যালয়ৰ অংগিকা আৰু সংযুক্ত মহাবিদ্যালয়সমূহত অতিৰিক্ত ৪,৯৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শাস্ত্ৰী (স্নাতক) আৰু আচাৰ্য (স্নাতকোত্তৰ) পৰ্যায়ত অধ্যয়ন কৰি আছে বুলি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক মুৰব্বী গিৰিৰাজ শৰ্মাই প্ৰকাশ কৰিছে।

তনাহুন আৰু চিতৱান বিস্তৃত দেৱঘাট অঞ্চলত বৰ্তমান মহেশ সংস্কৃত গুৰুকুল, পৰমানন্দ সংস্কৃত গুৰুকুল, আৰু গাৰ্গী কন্যা গুৰুকুলত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে সংস্কৃত অধ্যয়ন কৰি আছে।

অধ্যাপক সুবেদীয়ে বুজাই দিলে যে তেওঁৰ ছাত্ৰ জীৱনৰ অভিজ্ঞতা বেলেগ। “২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত সংস্কৃত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী বিচাৰি পোৱাটো কঠিন সময় আছিল, কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে আৰু সংস্কৃত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।”

এইবাৰ দেৱঘাটৰ হৰিহৰ সন্ন্যাস আশ্ৰমত ৬ৰ পৰা দ্বাদশ শ্ৰেণীৰ মাত্ৰ ২৫খন আসনৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰী।

একেদৰে দেৱঘাটৰ মহেশ সংস্কৃত গুৰুকুলত ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে ইয়াৰে ৩৩ গৰাকীক নতুন শৈক্ষিক অধিবেশনৰ বাবে নিৰ্বাচিত কৰা হয়। সুবেদীৰ মতে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ আগ্ৰহ বৃদ্ধি পোৱাৰ ইংগিত পোৱা যায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande