
শিৱসাগৰ, ০৬ মে’ (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱা আলি পঞ্চায়তৰ অন্তৰ্গত ন পুখুৰী উপ স্বাস্থ্য কেন্দ্ৰটি নিৰ্মাণৰ প্ৰায় ১৫ বছৰৰ পিছতো মুকলি কৰা হোৱা নাই। বিগত কংগ্ৰেছ শাসনাধিষ্ঠ চৰকাৰৰ দিনতেই আৱণ্টন দিয়া উপ স্বাস্থ্য কেন্দ্ৰটি এতিয়াও পৰিত্যক্ত অৱস্থাত আছে।
চৰকাৰী পুজিৰে গৃহটো নিৰ্মাণ কৰিলে ঠিকেই । কিন্তু আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল এই কেন্দ্ৰটো । চাহজন জনগোষ্ঠী লোকৰ বসতিস্থল এই ন পুখুৰী বাসী ৰাইজ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে । শীঘ্ৰেই ৰাইজৰ স্বাস্থ্য় সেৱাৰ প্ৰতি লক্ষ্য ৰাখি উপ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আৰু নাৰ্ছৰ ব্যৱস্থা কৰি ৰাইজৰ স্বাস্থ্য সেৱাৰ উপযোগী হোৱাকৈ মুকলি কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগলৈ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ