ৰেল কণ্টেইনাৰ যোগে চাহৰ পৰিবহণ বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ইয়াৰ অংশীদাৰসকলৰ সৈতে বৈঠকৰ আয়োজন
গুৱাহাটী, ০৬ মে’(হি.স.)। ৰেলযোগে কণ্টেইনাৰৰ জৰিয়তে চাহ পৰিবহণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেই ৬ মে’ ২০২৬ তাৰিখে এই ৰেলৱেৰ মুখ্য কাৰ্যালয়ত লজিষ্টিক অপাৰেটৰ, চাহ সংস্থা, ৰপ্তানিকাৰী আৰু উৎপাদকসকলকে ধৰি চাহ শিল্পৰ বিশিষ্ট অংশীদাৰসকলৰ সৈতে এ
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ইয়াৰ অংশীদাৰসকলৰ সৈতে বৈঠকৰ আয়োজন


গুৱাহাটী, ০৬ মে’(হি.স.)। ৰেলযোগে কণ্টেইনাৰৰ জৰিয়তে চাহ পৰিবহণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেই ৬ মে’ ২০২৬ তাৰিখে এই ৰেলৱেৰ মুখ্য কাৰ্যালয়ত লজিষ্টিক অপাৰেটৰ, চাহ সংস্থা, ৰপ্তানিকাৰী আৰু উৎপাদকসকলকে ধৰি চাহ শিল্পৰ বিশিষ্ট অংশীদাৰসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

অসমে বছৰি প্ৰায় ১৬০ মিলিয়ন কিলোগ্ৰাম ৰপ্তানিযোগ্য চাহ উৎপাদন কৰে। মাল পৰিবহনৰ যথোপযুক্ত সুবিধাৰ ক্ৰমবৰ্ধমান চাহিদাৰ কথা বিবেচনা কৰি এই পদক্ষেপৰ লক্ষ্য হৈছে ৰেলভিত্তিক কণ্টেইনাৰ সেৱাৰ জৰিয়তে চাহৰ পৰিবহণ অধিক পৰিমাণে বৃদ্ধি কৰি ব্যয় সুলভ, নিৰ্ভৰযোগ্য, দ্ৰুত পৰিবহণ, তত্বাৱধান খৰচ হ্ৰাসকে ধৰি পৰিৱেশ-বান্ধৱ পৰিবহণৰ সুবিধা প্ৰদান কৰা। উত্তৰ-পূব সীমান্ত ৰেলৱেই উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চাহ শিল্পৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অবিৰতভাৱে মালবাহী পৰিবহনৰ আন্তঃগাথনি শক্তিশালী কৰি আহিছে আৰু গ্ৰাহক-কেন্দ্ৰিক মাল পৰিবহনৰ সুবিধা অবিৰতভাৱে বিকশিত কৰি আহিছে।

উক্ত বৈঠকত ৰেলৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ, চাহ শিল্পৰ প্ৰতিনিধি, লজিষ্টিক অপাৰেটৰ আৰু অন্যান্য অংশীদাৰসকলে চাহ পৰিবহণৰ বাবে ৰেল সংযোগ উন্নতকৰণ, পৰিচালনগত সমন্বয় আৰু কণ্টেইনাৰ হেণ্ডলিং সুবিধা উন্নয়নৰ দিশত বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰে। আলোচনাত উপযুক্ত, নিৰৱচ্ছিন্ন আৰু গ্ৰাহক-হিতৈষী পৰিবহণ সেৱাৰ জৰিয়তে ৰেলৱেৰ বাবে অধিক চাহ পৰিবহণক আকৰ্ষণ কৰা কৌশলৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰেলৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত মালবাহী ৰেলৰ পৰিচালনত প্ৰশংসনীয় প্ৰদৰ্শন কৰি মুঠ মালবাহী লোডিং ১১.৪ মিলিয়ন টন (এমটি) কৰিবলৈ সক্ষম হয়, যি পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ৬% অধিক। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ১২,৩৪৬টা ৰেকৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত ১৩,০৩৪টা ৰেকলৈকে ৬৮৮টা ৰেকৰ বৃদ্ধিৰে মালবস্তু আনলোডিঙৰ দিশতো উল্লেখযোগ্য প্ৰগতি পৰিলক্ষিত হয়। এই অঞ্চলত মালবাহী সৰবৰাহৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই মালবাহী ৰেলৰ আধুনিক টাৰ্মিনেল আৰু মাল্টিম’ডেল কাৰ্গো হেণ্ডলিং সুবিধা বিকশিত আৰু পৰিচালন কৰি আহিছে। মিজোৰামৰ ছাইৰাং আৰু নাগালেণ্ডৰ মলভ’মত নতুন টাৰ্মিনেলসহ অন্যান্য টাৰ্মিনেলসমূহেও উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত মালবাহী পৰিবহন আৰু সংযোগ বহু পৰিমাণে উন্নত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ অঞ্চলত গতি শক্তি কাৰ্গো টাৰ্মিনেলসমূহৰ বিকাশে কাৰ্গোৰ যথোপযুক্ত সংগ্ৰহ, কণ্টেইনাৰৰ তত্বাৱধান আৰু প্ৰথম-মাইল-অন্তিম-মাইল সংযোগৰ ক্ষমতা বৃদ্ধি কৰি চাহ উৎপাদক আৰু ৰপ্তানিকাৰীসকলক ৰেল পৰিবহণ অধিক গ্ৰহণযোগ্য কৰাৰ দিশত সুযোগ সৃষ্টি কৰিছে।

এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলত আৰ্থিক বিকাশ আৰু ঔদ্যোগিক উন্নয়নৰ বাবে মালবাহী ৰেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি পৰিৱেশ-হিতৈষী পৰিবহণৰ প্ৰসাৰ আৰু গ্ৰাহক-কেন্দ্ৰিক লজিষ্টিক সুবিধা প্ৰদান কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande