বুজন পৰিমাণৰ ড্ৰাগছ সহ মণিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ
ইম্ফল, ০৬ মে (হি.স.)। বুজন পৰিমাণৰ ড্ৰাগছ সহ মনিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ। ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত মনিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।অসম ৰাইফলছ আৰু মনিপুৰ আৰক্ষীয়ে চূড়াচান্দপুৰ জিলা
বুজন পৰিমাণৰ ড্ৰাগছ সহ মণিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ


ইম্ফল, ০৬ মে (হি.স.)। বুজন পৰিমাণৰ ড্ৰাগছ সহ মনিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ। ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত থকাৰ অভিযোগত মনিপুৰত চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।অসম ৰাইফলছ আৰু মনিপুৰ আৰক্ষীয়ে চূড়াচান্দপুৰ জিলাত দুটা পৃথক অভিযান চলাই ৬৬টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে বিহাং আৰক্ষী থানাৰ অন্তৰ্গত বুৱালকোট গাঁৱত এখন মটৰচাইকেলত তালাচী চলাই হেৰ'ইন ভৰ্তি ২২টা চাবোন বাকচ জব্দ কৰে। হেৰ'ইন সৰবৰাহৰ অভিযোগত নিৰাপত্তা বাহিনীয়ে দুজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে। সূত্ৰটোৱে জনোৱা মতে, আন এক অভিযানত বিহাং গাঁৱৰ পৰা আন দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ পৰা হেৰ'ইন ভৰ্তি ৪৪টা চাবোনৰ কেচ জব্দ কৰা হয়। গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেইজনক থাংছাউমং (৫৬), কামখেনমং (৫৬), জহনমং (৩১) আৰু হাউখুল (৫৫) বুলি চিনাক্ত কৰা হৈছে। ধৃত আটাইকেইজন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ চিখা গাঁৱৰ বাসিন্দা।

গ্ৰেপ্তাৰৰ পিছত অধিক তদন্তৰ বাবে বিহাং আৰক্ষী থানাত বিদেশী আইন আৰু নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্সেছ (এন.ডি.পি.এছ.) আইনৰ বিধান অনুসৰি গোচৰ ৰুজু কৰা হৈছে। ইফালে ড্ৰাগছ সহ ম্যানমাৰৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা বাবে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিহাং আৰক্ষী আৰু অসম ৰাইফলছক উচ্চ প্ৰশংসা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande