(আপডেট) হাজোৰ হিৰাপাৰাত নৃশংস হত্যাকাণ্ড
কামৰূপ, ০৬ মে (হি.স.)। হাজোৰ হিৰাপাৰাত নৃশংস হত্যাকাণ্ড। নিজ মামা আৰু দুই বন্ধুৱে হত্যা কৰিলে মুনীন্দ্ৰ ডেকা নামৰ যুৱক এজনক।হত্যা কৰাৰ পাছত দেহটো টুকুৰা-টুকুৰ কৰি কলাজল নদীত বস্তাত ভৰাই উটুৱাই দিয়ে।ঘটনা অনুসৰি, যোৱা ৰবিবাৰে মুনীন্দ্ৰ ডেকা নামৰ ২০
(আপডেট) হাজোৰ হিৰাপাৰাত নৃশংস হত্যাকাণ্ড


কামৰূপ, ০৬ মে (হি.স.)। হাজোৰ হিৰাপাৰাত নৃশংস হত্যাকাণ্ড। নিজ মামা আৰু দুই বন্ধুৱে হত্যা কৰিলে মুনীন্দ্ৰ ডেকা নামৰ যুৱক এজনক।হত্যা কৰাৰ পাছত দেহটো টুকুৰা-টুকুৰ কৰি কলাজল নদীত বস্তাত ভৰাই উটুৱাই দিয়ে।ঘটনা অনুসৰি, যোৱা ৰবিবাৰে মুনীন্দ্ৰ ডেকা নামৰ ২০ বছৰীয়া যুৱকজন গাঁওৰ এখন বিয়াত খাই নিজৰ মামা বিপুল ডেকা আৰু দুই বন্ধু মৃদুল ডেকা আৰু ৰাজু ডেকাৰ সৈতে ফুৰিবলৈ গৈছিল।

তাৰ পাছৰে পৰা যুৱকজন সন্ধানহীন হৈ আছিল।পাছত পৰিয়ালৰলোকে এই ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে তদন্ত চলাই দুই বন্ধুক আটক কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীৰ আগত স্বীকাৰ কৰে যে, যুৱকজনৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়ত কিছু কথাক লৈ বিবাদ হৈছিল।সেই বিবাদৰ ফলত তেওঁলোকেই যুৱকজনক লেপি হত্যা কৰে আৰু পাছত দেহটো টুকুৰা-টুকুৰ কৰি কলাজল নদীত পেলাই দিয়ে।বৰ্তমান সময়ত অভিযুক্ত মামা বিপুল ডেকা পলাতক হৈ আছে লগতে সন্ধানহীন যুৱকজনৰ দেহ উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে কলাজল নদীত অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande