
ওদালগুৰি , ০৬ মে (হি.স.)। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দৌলগুৰি পৰা জুইয়ে পুৰা সোণ হৈ উজ্বলিল—হিৰক জ্যোতি বৰা। দুখীয়া পৰিয়ালৰ মাজত জন্ম লৈও নিজ পৰিশ্ৰম, একাগ্ৰতা আৰু অদম্য ইচ্ছাশক্তিৰ জৰিয়তে তেওঁ এইবাৰ গুৱাহাটী মেডিকেল কলেজৰ পৰা ডাক্তৰী ডিগ্ৰী লাভ কৰি সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিলে।
পিতৃ নিপেন্দ্ৰ বৰা আৰু মাতৃ মাকণ বড়োৰ সন্তান হিৰক জ্যোতি সৰুৰে পৰা মেধাৱী আৰু অধ্যৱসায়ী ছাত্ৰ হিচাপে পৰিচিত আছিল। আৰ্থিক অসুবিধাৰ মাজতো তেওঁ কেতিয়াও হাৰ নমানি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি গৈছিল। তেওঁৰ এই সাফল্যই প্ৰমাণ কৰিলে যে দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰম থাকিলে যিকোনো বাধা অতিক্ৰম কৰা সম্ভৱ।
হিৰক জ্যোতিৰ এই উল্লেখযোগ্য সফলতাত এতিয়া দৌলগুৰি গাঁওবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। সকলোয়ে তেওঁৰ এই কৃতিত্বত গৌৰৱ অনুভৱ কৰিছে আৰু আগন্তুক দিনত তেওঁ এজন সৎ আৰু নিষ্ঠাবান চিকিৎসক হিচাপে সমাজৰ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে।
নিজেও হিৰক জ্যোতি বৰাই কৈছে যে তেওঁ আগন্তুক দিনত বিশেষকৈ দুখীয়া আৰু অসহায় লোকসকলৰ চিকিৎসা সেৱাত নিজক সমৰ্পিত কৰিব বিচাৰে। তেওঁৰ এই মহান মনোভাৱে সকলোৰে হৃদয় স্পৰ্শ কৰিছে।
সঁচাকৈয়ে, দৌলগুৰিৰ এই “বোকাৰ পদুম” এতিয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা