
শ্ৰীনগৰ, ০৬ মে’(হি.স.)। জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত এখন হাউচবোটত থকা সময়ত অস্বস্তিত ভোগাৰ অভিযোগৰ পিছত এজন আমেৰিকান পৰ্যটকৰ মৃত্যু হয়।
সংশ্লিষ্ট বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি পত্নী জুডিথ এন্নে মেককাৰ্থীৰ সৈতে কাশ্মীৰ ভ্ৰমণৰত জন ডেভিদ এণ্ডাৰছন নামৰ আমেৰিকাপ লোকজন মাজনিশা অসুস্থ হৈ পৰে । ৮৩ বছৰীয়া এণ্ডাৰছনক ততাতৈয়াকৈ ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত সচেতন হৈ এণ্ডাৰছনৰ মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
কাশ্মীৰৰ (শ্ৰীনগৰৰ) ডাল হ্ৰদ (Dal Lake) হৈছে ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ অন্যতম প্ৰধান পৰ্যটন কেন্দ্ৰ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য নিদৰ্শন। ডাল হ্ৰদত শিকৰা বা সৰু নাওঁ চলোৱাটো এক অন্যতম আকৰ্ষণ। ইফালে হ্ৰদৰ বুকুত থকা কাঠৰ হাউচবোটবোৰত পৰ্যটকসকলে থকাৰ সুব্যৱস্থা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ