আই পি এলঃ ধৰ্মশালাত আয়োজন কৰিব কোৱালিফায়াৰ ১, বিজয়ী দল পোনপটীয়াকৈ ফাইনেললৈ অগ্ৰসৰ
ধৰ্মশালা, ০৬ মে’ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ প্লে অফৰ সূচী ঘোষণা কৰে। ঘোষিত সূচী অনুসৰি তিনিখন লীগ মেচৰ উপৰি ২৬ মে’ত হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কোৱালিফায়
एचपीसीए स्टेडियम।


ধৰ্মশালা, ০৬ মে’ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ প্লে অফৰ সূচী ঘোষণা কৰে। ঘোষিত সূচী অনুসৰি তিনিখন লীগ মেচৰ উপৰি ২৬ মে’ত হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ১ৰ সৰ্ববৃহৎ খেলখন। এই আইপিএ ২০২৬ মেচত প্ৰতিযোগিতাৰ শীৰ্ষ দুটা দলে অংশগ্ৰহণ কৰিব। তদুপৰি অহা ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈ পোনপটীয়াকৈ বিজয়ী দলটো আগবাঢ়িব। এইটো ধৰ্মশালাৰ বাবে এক উল্লেখযোগ্য সুযোগ হ’ব, য’ত কোৱালিফায়াৰ ১ অনুষ্ঠিত হ’ব।

মন কৰিবলগীয়া যে ৭০খন উচ্চ তীব্ৰতাসম্পন্ন লীগ মেচৰ অন্তত এতিয়া প্ৰতিযোগিতাখনে অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে। শীৰ্ষ দুটা দলৰ সৈতে হোৱা কোৱালিফায়াৰ ১ ২৬ মে’ত ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত বিজয়ী দলে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব। ইয়াৰ পিছতে নিউ চণ্ডীগড়ৰ নিউ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন, য’ত তৃতীয় আৰু চতুৰ্থ স্থানৰ দল দুটাই ২৭ মে’ত এলিমিনেটৰত খেলিব। ২৯ মে’ত একেখন খেলপথাৰতে কোৱালিফায়াৰ ২ও অনুষ্ঠিত হ’ব, য’ত কোৱালিফায়াৰ ১ত পৰাস্ত হোৱা দলটোৱে এলিমিনেটৰৰ বিজয়ীৰ বিৰুদ্ধে দ্বিতীয় ফাইনেলিষ্ট নিৰ্ণয় কৰিব।

৩১ মে’ত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফাইনেলৰ জৰিয়তে ছিজনৰ সামৰণি পৰিব।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত ১১ মে’ত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত, ১৪ মে’ত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত, ১৭ মে’ত পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ মাজত অনুষ্ঠিত হৈছিল। প্ৰথম দুখন মেচ ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব, তৃতীয়খন মেচ ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব। এতিয়া কোৱালিফায়াৰ ১ৰ মেচখনে ক্ৰিকেট অনুৰাগীৰ বাবে কঢ়িয়াই আনিবলৈ গৈ আছে অতি উত্তেজনা।

ইফালে এইচ পি চি এৰ প্ৰেছ সম্পাদক মোহিত সুদে কয় যে আই পি এল প্ৰতিযোগিতাৰ কোৱালিফায়াৰ ১ মেচত ধৰ্মশালা লাভ কৰাটো এক বৃহৎ সফলতা। তেওঁ কয় যে ইয়াত এই মেচখন আয়োজন কৰিলে ক্ৰিকেট অনুৰাগীসকলৰ বাবে উত্তেজনাই নহয়, পৰ্যটন ব্যৱসায়ীসকলৰ বাবেও এক বৃহৎ সুযোগ হ’ব। তেওঁ লগতে কয় যে ধৰ্মশালা কেচ পি চি ষ্টেডিয়াম বিশ্বৰ অন্যতম ধুনীয়া ষ্টেডিয়াম, গতিকে ইয়াত এই খেলখন আয়োজন কৰিলে ক্ৰিকেটৰ উত্তেজনা বৃদ্ধিহে হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande