লামডিঙত কেন্দ্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক দিৱস উদযাপন
হোজাই, ০৬ মে (হি.স.)। লামডিংত কেন্দ্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক দিৱস উদযাপন। আনন্দময় পৰিৱেশত অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী। মঙলবাৰে নিশা লামডিং কেন্দ্ৰীয় বিদ্যালয়ত উদযাপন কৰা হয় বিদ্যালয়খনৰ এনুৱেল ডে চেলেব্ৰেশ্বন। এই অনুষ্ঠানত প্ৰধান অতিথি হ
লামডিঙত কেন্দ্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক দিৱস উদযাপন


হোজাই, ০৬ মে (হি.স.)। লামডিংত কেন্দ্ৰীয় বিদ্যালয়ৰ বাৰ্ষিক দিৱস উদযাপন। আনন্দময় পৰিৱেশত অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচী।

মঙলবাৰে নিশা লামডিং কেন্দ্ৰীয় বিদ্যালয়ত উদযাপন কৰা হয় বিদ্যালয়খনৰ এনুৱেল ডে চেলেব্ৰেশ্বন।

এই অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে লামডিং ৰেল মণ্ডলৰ ডি আৰ এম সমীৰ লহানী আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে সিনিয়ৰ ডিপিঅ গৰিমা সডী।

অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ আকৰ্ষণীয় সাংস্কৃতিক নৃত্য গীত অনুষ্ঠান প্ৰদৰ্শন কৰে, যিয়ে উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।

অনুষ্ঠানত বিদ্যালয়খনৰ বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

এই অনুষ্ঠানটোৱে বিদ্যালয়খনৰ শিক্ষামূলক আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande