
কামৰূপ, ০৬ মে’ (হি.স.): শুৱালকুছি ব্ৰহ্মপুত্ৰ নৈৰ ঘাটত মাছ ধৰা অসাধু মাছমৰীয়া বিৰুদ্ধে কামৰূপ মীন বিভাগে অভিযান চলায় । আজি ৰাতিপুৱাই কামৰূপ মীন বিভাগে শুৱালকুছি নদী আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান।
উল্লেখ্য় যে কামৰূপত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মাছ ধৰা নিষিদ্ধ কৰা হৈছে । নিষিদ্ধ নিৰ্দেশনা থকাৰ পিছতো কামৰূপৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মাছ ধৰা কাৰ্য । বৰ্তমান সময়ত নৈ জান জুৰি পুখুৰী-বিলত মাছে কণী দিয়াৰ সময় । এই সময়চোৱাতো একাংশ অসাধু মাছমৰীয়াই কণী যুক্ত মাছ ধৰি আহিছে । এই সকল অসাধু মাছমৰীয়াৰ বিৰুদ্ধে ৰাতিপুৱাই শুৱালকুছিৰ ব্ৰহ্মপুত্ৰ ঘাটত কামৰূপ মীন বিভাগৰ কৰ্মীসকলে অভিযান চলায় । এই অভিযানত শুৱালকুছি নদী আৰক্ষীৰ সহযোগত কামৰূপ মীন বিভাগে অভিযান চলাই কেইবাজনো মাছমৰীয়াৰ পৰা জব্দ কৰে বহুকেইখন নিষিদ্ধ জাল । এই অভিযান ১৫ জুলাই পৰ্যন্ত অব্যাহত ৰখাৰ ঘোষণা কৰিছে মীন বিভাগে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ