পশ্চিম বংগত নিৰ্বাচনৰ পিছৰ হিংসা নিন্দনীয়ঃ জামাত-ই-ইছলামী হিন্দ
- আকাশলংঘী মুদ্ৰাস্ফীতি আৰু গৰমৰ ঢৌৰ পৰা দৰিদ্ৰ লোকক সকাহ দিয়াৰ দাবী নতুন দিল্লী, ০৬ মে’ (হি.স.)। জামাত-ই-ইছলামী হিন্দে বুধবাৰে পশ্চিম বংগ, তামিলনাডু, আৰু কেৰালাৰ ক্ষমতা পৰিবৰ্তনৰ লগতে পুডুচেৰী আৰু অসমৰ বৰ্তমানৰ চৰকাৰসমূহক দিয়া আদেশক লৈ সন্তুষ্ট
बुधवार को दिल्ली के जामियानगर स्थित मुख्यालय में आयोजित संवाददाता सम्मेलन को संबोधित करते जमात ए इस्लामी हिंद के उपाध्यक्ष  मलिक मोहतसिन खान  और इंजीनियर सलीम अहमद


- আকাশলংঘী মুদ্ৰাস্ফীতি আৰু গৰমৰ ঢৌৰ পৰা দৰিদ্ৰ লোকক সকাহ দিয়াৰ দাবী

নতুন দিল্লী, ০৬ মে’ (হি.স.)। জামাত-ই-ইছলামী হিন্দে বুধবাৰে পশ্চিম বংগ, তামিলনাডু, আৰু কেৰালাৰ ক্ষমতা পৰিবৰ্তনৰ লগতে পুডুচেৰী আৰু অসমৰ বৰ্তমানৰ চৰকাৰসমূহক দিয়া আদেশক লৈ সন্তুষ্টি প্ৰকাশ কৰে। লগতে পশ্চিমবংগত নিৰ্বাচনৰ পিছৰ হিংসাৰ ঘটনাক গৰিহণা দিয়ে।

জামাত-ই-ইছলামীৰ উপ-সভাপতি মালিক মহতাছিম খান আৰু অভিযন্তা চেলিম আহমেদে নতুন দিল্লীস্থিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে তাত তৃণমূল কংগ্ৰেছক পৰাস্ত কৰি কাৰ্যভাৰ লাভ কৰিছে, আৰু অনাগত দিনত নতুন চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে। টিএমচিৰ কাৰ্যালয় আৰু ইয়াৰ নেতাৰ ঘৰ আৰু কাৰ্যালয়ত বিজেপি সমৰ্থকৰ আক্ৰমণ, ভাঙি-ছিঙি, সাম্প্ৰদায়িক শ্লোগান আদি হৃদয় বিদাৰক। লগতে নিৰ্বাচন আয়োগে এছ আই আৰৰ অজুহাতত বংগৰ লাখ লাখ লোকৰ নাম বাদ পৰাৰ লগতে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে উল্লেখ কৰে যে ইমান বৃহৎ সংখ্যক লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাটো সঠিক পদক্ষেপ নহয়।

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁলোকে উল্লেখ কৰে যে পশ্চিম বংগৰ নিৰ্বাচনত ৰিগিং আৰু প্ৰৱঞ্চনাৰ আশংকা আছে। অসমৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো একেধৰণৰ পৰিৱেশ স্পষ্ট হৈ পৰিছিল, য’ত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকৰ সমাৱেশত ব্যৱহাৰ কৰা ভাষা আৰু শব্দৰ ওপৰত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল আৰু ঘৃণা বিয়পাই দিয়াৰ চেষ্টা কৰিছিল। ইয়াতো নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল আৰু তেওঁলোকৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলোৱা হৈছিল।

তদুপৰি জামাত ইছলামীৰ নেতাসকলে দেশত আকাশলংঘী মুদ্ৰাস্ফীতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে উল্লেখ কৰে যে ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা যুদ্ধৰ সময়ত বিশ্বজুৰি ইন্ধনৰ নাটনি, পেট্ৰ’ল, ডিজেলৰ অভাৱ ঘটিছে, আৰু ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে। বাণিজ্যিক আৰু সৰু চিলিণ্ডাৰৰ মূল্যৰ তীব্ৰ বৃদ্ধিয়ে মুদ্ৰাস্ফীতি আৰু অধিক ভয়াৱহ কৰি তুলিছে। তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে যে ৰাজ্যিক নিৰ্বাচনৰ পিছত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰস্তুতি চলি আছে, যাৰ ফলত আমাৰ দেশত মুদ্ৰাস্ফীতি আৰু অধিক ভয়াৱহ হ’ব।

দৰিদ্ৰ, অৰ্থনৈতিকভাৱে পিছপৰা, আৰু মধ্যবিত্ত শ্ৰেণীক মুদ্ৰাস্ফীতিৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এইসকল লোকক সকাহৰ অতি প্ৰয়োজন বুলি গুৰুত্ব আৰোপ কৰে। জামাতৰ নেতাসকলেও দেশত ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে কয় যে ইয়াৰ ফলত শ্ৰমিক আৰু দুৰ্বল গোটসমূহ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰে তেওঁলোকৰ বাবে উপযুক্ত ব্যৱস্থা কৰক আৰু শ্ৰমিকৰ সময়সূচীৰ পৰিৱৰ্তন ঘোষণা কৰি তেওঁলোকক তীব্ৰ ৰ’দত কাম কৰাৰ পৰা ৰক্ষা কৰক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande