
নতুন দিল্লী, ০৬ মে’ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্ক এতিয়া বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু দুয়োখন দেশেই একেলগে উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগবাঢ়িব। তেওঁ জোৰ দি কৈছিল, আমি একেলগে খোজ কাঢ়িম, একেলগে বৃদ্ধি পাম আৰু একেলগে জয়ী হ'ম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’লামৰ মাজত বুধবাৰে হোৱা উচ্চ পৰ্যায়ৰ বাৰ্তালাপৰ অন্তত ভাৰত আৰু ভিয়েটনামে নিজৰ সম্পৰ্কক বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। দুয়োখন দেশেই বাণিজ্য, প্ৰতিৰক্ষা, সংযোগ, কৌশলগত সহযোগিতাৰ ক্ষেত্ৰতো নতুন গতি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে যৌথ সংবাদমেলত কয় যে ৰাষ্ট্ৰপতি ট’লামৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক আৰু পাৰস্পৰিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটায়। তেওঁ কয় যে এই অংশীদাৰিত্ব এতিয়া আৰু অধিক উচ্চ লক্ষ্যৰ দিশে আগবাঢ়িব।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত-ভিয়েটনামৰ বাণিজ্য বিগত দশকত দুগুণ বৃদ্ধি পাই ১৬ বিলিয়ন ডলাৰ হৈছেগৈ। এতিয়া দুয়োখন দেশেই ২০৩০ চনৰ ভিতৰত এই পৰিমাণ ২৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ঔষধ, কৃষি, মীন, আৰু পশুজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে কেইবাটাও চুক্তিত উপনীত হৈছে। অতি সোনকালে ভিয়েটনামে ভাৰতৰ আঙুৰ আৰু ডালিমৰ সোৱাদ ল’ব, আৰু আমি ভিয়েটনামৰ ডুৰিয়ান আৰু প’মেলোৰ সোৱাদ ল’ম।
আৰ্থিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ ইউ পি আই আৰু ভিয়েটনামৰ দ্ৰুত ধন পৰিশোধ ব্যৱস্থাক সংযোগ কৰিবলৈ দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে। বিমান সংযোগ, ৰাজ্যৰ পৰা ৰাজ্যলৈ, আৰু চহৰৰ পৰা চহৰলৈ সহযোগিতাও বৃদ্ধি কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভিয়েটনাম ভাৰতৰ এক্ট ইষ্ট পলিচি আৰু ভিজন অ’চেনৰ এক মূল স্তম্ভ। দুয়োখন দেশেই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিতিশীলতা আৰু নিয়মভিত্তিক শৃংখলাৰ প্ৰসাৰৰ বাবে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভিয়েটনামৰ সহযোগত ভাৰতে আছিয়ানৰ সৈতেও সম্পৰ্ক সম্প্ৰসাৰণ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু ভিয়েটনামৰ মাজত গভীৰ সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক আছে। চম্পা সভ্যতাৰ মন্দিৰ সংৰক্ষণ আৰু প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজেচনৰ দৰে পদক্ষেপে এই ঐতিহ্যক আৰু অধিক বৃদ্ধি কৰিব।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভিয়েটনামৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতে ভাৰত আৰু ভিয়েটনাম দ্ৰুতগতিত উদীয়মান অৰ্থনীতি আৰু নতুন কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে দুয়োখন দেশে ইজনে সিজনৰ উন্নয়নত অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰী মোদীয়ে বুদ্ধৰ শিক্ষাৰ কথা উল্লেখ কৰি সামৰণি মাৰি কয় যে ইজনে সিজনৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতা দুয়োখন দেশৰ বাবে সমূহীয়া অগ্ৰগতিৰ পথ।
हिन्दुस्थान समाचार / অৰৱিন্দ