ভিয়েটনামৰ ৰাষ্ট্ৰপতিক আনুষ্ঠানিক আদৰণি, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বাৰ্তা
নতুন দিল্লী, ০৬ মে’(হি.স.)। ভাৰতলৈ প্ৰথম ৰাজ্যিক ভ্ৰমণৰ বাবে মঙলবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱা ভিয়েটনামী ৰাষ্ট্ৰপতি ট’ লামক বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয
राष्ट्रपति भवन में औपचारिक स्वागत के दौरान मेहमान नेता और राष्ट्रपति एवं प्रधानमंत्री


নতুন দিল্লী, ০৬ মে’(হি.স.)। ভাৰতলৈ প্ৰথম ৰাজ্যিক ভ্ৰমণৰ বাবে মঙলবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱা ভিয়েটনামী ৰাষ্ট্ৰপতি ট’ লামক বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়। দিল্লীৰ হায়দৰাবাদ হাউচত ৰাষ্ট্ৰপতি লাম আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক আলোচনাৰ আয়োজন কৰা হৈছে।

আদৰণিৰ অন্তত ৰাষ্ট্ৰপতি ট’ লাম ৰাজঘাট ভ্ৰমণ কৰি মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদ হাউচত ৰাষ্ট্ৰপতি টো লামক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি লামৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনাত মিলিত হৈছে।

মঙলবাৰে সন্ধিয়া ভাৰতলৈ প্ৰথম ৰাজ্যিক ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হয় ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’ লাম। ভাৰত আৰু ভিয়েটনামে এইবাৰ এক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰিছে। বিহাৰৰ বোধ গয়াৰ পৰা আৰম্ভ হৈছে ভিয়েটনামী ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ। বোধগয়াৰ মহাবোধী মন্দিৰত ৰাষ্ট্ৰপতি লামে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণত ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা ভিয়েটনামৰ ৰাষ্ট্ৰপতি লাম ৫ মে’ৰ পৰা ৭ মে’লৈ ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ সৈতে আছে ভিয়েটনাম চৰকাৰৰ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি লামে মুম্বাইও ভ্ৰমণ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande