
গোলাঘাট, ০৬ মে (হি.স.)। দেৰগাঁওত প্ৰচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰ অঞ্চলৰ কেইবাখনো গাঁৱত হাহাকাৰ
আজি অলপ আগতে অকস্মাৎ অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত এক বিনাশী ৰূপ ধাৰণ কৰিছে।
ধুমুহাৰ তাণ্ডৱত সমগ্ৰ অঞ্চলটোৰ জনজীৱন বিধ্বস্ত হৈ পৰাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে।
ধুমুহাৰ ফলত বিভিন্ন স্থানত প্ৰকাণ্ড গছ উভালি পথৰ ওপৰত পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।
ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ লগতে তাঁৰ ছিঙি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।
বহু লোকৰ বাসগৃহৰ ওপৰত গছ পৰিছে আৰু বহুঘৰৰ টিন-পাত উৰুৱাই নিয়াৰ ফলত পৰিয়ালসমূহ বিপাঙত পৰিছে।
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ পাৰৰ সদাৰ, চিৰিশটিকা, লেমচাপৰি আৰু বাঘবাৰী আদি গাঁৱত ধুমুহাই আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
প্ৰশাসনৰ তৰফৰ পৰা ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী ৰাইজক অতি সোনকালে সাহায্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে কাতৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু