স্বস্থ ভাৰত পৰ্টেল মুকলি, একক মঞ্চৰ পৰা চম্ভালিব সকলো কাম
নতুন দিল্লী, ০৬ মে’ (হি.স.)। দেশৰ স্বাস্থ্য খণ্ডক ডিজিটেলভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰালয়ে মুকলি কৰিলে স্বস্থ ভাৰত পৰ্টেল। এই পদক্ষেপৰ কথা ঘোষণা কৰা হৈছিল উদ্ভাৱন আৰু অন্তৰ্ভুক্ততাৰ দশম ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত। এই পৰ্টেল আয়ুষ্মা
स्वास्थ्य मंत्रालय का लोगो


নতুন দিল্লী, ০৬ মে’ (হি.স.)। দেশৰ স্বাস্থ্য খণ্ডক ডিজিটেলভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰালয়ে মুকলি কৰিলে স্বস্থ ভাৰত পৰ্টেল। এই পদক্ষেপৰ কথা ঘোষণা কৰা হৈছিল উদ্ভাৱন আৰু অন্তৰ্ভুক্ততাৰ দশম ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত। এই পৰ্টেল আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত প্ৰস্তুত কৰা হৈছে আৰু ই আভাৰ সৈতে একত্ৰিত হৈ ৰোগীৰ স্বাস্থ্যৰ তথ্যৰ সুৰক্ষিত আদান-প্ৰদান নিশ্চিত কৰিব।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্টেলে বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ খণ্ডিত ব্যৱস্থাসমূহক একক মঞ্চত একত্ৰিত কৰিব। এতিয়ালৈকে একাধিক এপ আৰু পৰ্টেলে পৃথকে পৃথকে কাম কৰি আছিল, যাৰ ফলত ডাটা ডুপ্লিকেচন আৰু সময়ৰ অপচয় হৈছিল। মন্ত্ৰালয়ে কয় যে স্বস্ত ভাৰত পৰ্টেলে একক স্থানৰ পৰা সকলো তথ্য প্ৰৱেশ সক্ষম কৰিব, একাধিক লগইনৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব, আৰু প্ৰতিবেদন আৰু নিৰীক্ষণ সৰল কৰিব। ইয়াৰ ফলত স্বাস্থ্যকৰ্মীসকল সকাহ পাব: আশা, এ এন এম, চি এইচ অ’, আৰু চিকিৎসা বিষয়াসকলে আৰু বিভিন্ন ব্যৱস্থাত কাম কৰিব নালাগিব। সকলো কাম এটা প্লেটফৰ্মৰ পৰা চম্ভালিব, যাৰ ফলত তেওঁলোকৰ সময় আৰু কষ্ট দুয়োটা ৰাহি হ’ব।

মন্ত্ৰালয়ৰ মতে, ইয়াৰ ফলত আন্তঃগাঁথনিৰ খৰচ ২০–৩০ শতাংশ হ্ৰাস পাব, তথ্য প্ৰৱেশ আৰু কৰ্মচাৰীৰ ডুপ্লিকেচন ২০–৪০ শতাংশ হ্ৰাস পাব, আৰু সিদ্ধান্ত গ্ৰহণ ক্ষিপ্ৰ হ’ব। মন্ত্ৰালয়ৰ মতে, এই পৰ্টেল ভাৰতৰ ডিজিটেল স্বাস্থ্য ব্যৱস্থাক একত্ৰিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ, উন্নত স্বাস্থ্যসেৱা আৰু ভৱিষ্যতে তথ্য-চালিত সিদ্ধান্তসমূহ সক্ষম কৰি তোলা ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande