অহা বছৰৰ ৫ মাৰ্চত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব স্পিৰিট ছবিখন
স্পিৰিট মুক্তিৰ বাবে চলি থকা উৰাবাতৰিৰ মাজতে নিৰ্মাতাসকলে স্পষ্ট কৰি দিছে যে ছবিখনে ২০২৭ চনৰ ৫ মাৰ্চ তাৰিখৰ নিৰ্ধাৰিত তাৰিখত বিশ্বজুৰি চিনেমাগৃহত মুক্তি পাব।চিনেমাখনৰ কাম পৰিকল্পনা অনুসৰি আগবাঢ়িছে আৰু কোনো পলম হোৱা নাই। এই ছবিখনত মুখ্য চৰিত্ৰত
प्रभास - फोटो सोर्स एक्स


স্পিৰিট মুক্তিৰ বাবে চলি থকা উৰাবাতৰিৰ মাজতে নিৰ্মাতাসকলে স্পষ্ট কৰি দিছে যে ছবিখনে ২০২৭ চনৰ ৫ মাৰ্চ তাৰিখৰ নিৰ্ধাৰিত তাৰিখত বিশ্বজুৰি চিনেমাগৃহত মুক্তি পাব।চিনেমাখনৰ কাম পৰিকল্পনা অনুসৰি আগবাঢ়িছে আৰু কোনো পলম হোৱা নাই।

এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছুপাৰষ্টাৰ প্ৰভাছে। প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই পুনৰ একত্ৰিত হৈছে, ইয়াৰ পূৰ্বেও হিট ছবি এনিমেল প্ৰদান কৰিছিল। ছবিখনত অভিনয় কৰিছে তৃপ্তী ডিমৰি, বিবেক ওবেৰয়, আৰু ঐশ্বৰ্য দেশাই।

স্পিৰিট হৈছে আঠটা ভাষাত মুক্তি পাবলগীয়া এখন ডাঙৰ প্যান ৱৰ্ল্ড ছবি। টি ছিৰিজৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে টি ছিৰিজ ফিল্মছ আৰু ভদ্ৰকালি পিকচাৰ্ছে। সন্দীপ ৰেড্ডী ভাংগাই ৰচনা আৰু পৰিচালক ছবিখনৰ প্ৰডাকচন চম্ভালিছে ভূষণ কুমাৰ, প্ৰণয় ৰেড্ডী ভাংগা, কৃষণ কুমাৰ, প্ৰভাকৰ ৰেড্ডী ভাংগাই।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande